ডেৰাডুন, ১৬ ছেপ্টেম্বৰ (হি.স.)। উত্তৰাখণ্ডত সোমবাৰে নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ডেৰাডুন জিলাৰ সহস্ৰাধৰা অঞ্চলৰ কাৰ্লিগড়ৰ পাৰৰ বহু ঘৰত বোকা–পানী সোমাই যায়। পৰ্যটনস্থলী সহস্ৰাধৰাৰো ক্ষতিসাধন হৈছে। ইয়াত বহু দোকান বিধ্বস্থ হৈছিল। ছং নদীৰ জলস্তৰ বৃদ্ধি পাইছে আৰু ই বিপদৰ সৃষ্টি কৰিছে। ৰায়পুৰ কেশৰ ৱালাৰ প্ৰায় ৯০ মিটাৰ পথো ভাঙি গৈছে। হৰিদ্বাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লালতাপ্পাদ অঞ্চলৰ সীমা দন্ত চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ ধাৰাসাৰ বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। থিতাতে উপস্থিত আছে সাহায্য আৰু উদ্ধাৰকাৰী দল।
মঙলবাৰেও অব্যাহত আছে বৰষুণৰ ক্ৰম। সোমবাৰে নিশা হোৱা মুষলধাৰ বৰষুণৰ ফলত দুৰ্যোগৰ কবলত পৰিছে ডেৰাডুন জিলা। ৰায়পুৰ অঞ্চলৰ মালদেৱতা চৌকীৰ সন্মুখত থকা কেশৰৱালা পথত নদীৰ জলপৃষ্ঠ বৃদ্ধি আৰু দ্ৰুত প্ৰবাহৰ খহনীয়াৰ ফলত প্ৰায় ৮০-৯০ মিটাৰ পথ উটুৱাই লৈ গৈছে, যাৰ বাবে পথটোৰ যাতায়ত সম্পূৰ্ণৰূপে ব্যাহত হৈছে।
কুথাল গেটৰ সমীপৰ লগতে বহু ঠাইত ধ্বংসাৱশেষৰ বাবে ডেৰাডুন মুছূৰী পথ অৱৰোধ। ধাৰাসাৰ বৰষুণৰ ফলত ডেৰাডুন-হৰিদ্বাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লালতাপ্পাদ অঞ্চলৰ সীমা ডেন্টাল কলেজৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ ক্ষতিগ্ৰস্ত হয়, যাৰ বাবে যাতায়ত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে আৰু ডেৰাডুনৰ পৰা হৰিদ্বাৰলৈ যোৱা আৰু অহা যান-বাহনসমূহ ভনীয়াৱালা আৰু নেপালী ফাৰ্মৰ পৰা ডাইভাৰ্ট কৰা হৈছে।
জিলা দণ্ডাধীশ সবিনয় বংশালে নিশা নিজেই সেই স্থানলৈ সাহায্য আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছিল। জিলা দণ্ডাধীশৰ নিৰ্দেশমৰ্মে নদীৰ পাৰত বসবাস কৰা লোকসকলক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ উপৰিও মানুহক অহৰহ সতৰ্ক কৰি দিয়া হৈছে।
আৰক্ষী অধীক্ষক অজয় সিঙে কয় যে বৰষুণৰ পৰিপ্ৰেক্ষিতত নিশাৰে পৰা নদীৰ পাৰ, নলা আৰু স্পৰ্শকাতৰ স্থানত অবিৰতভাৱে আটাইকেইটা থানা অঞ্চলৰ আৰক্ষীৰ দলে পৰিদৰ্শন কৰি আহিছে। নদীখনৰ অহৰহ বৃদ্ধি পোৱা জলপৃষ্ঠৰ বাবে নদীৰ পাৰ আৰু নলাৰ কাষলৈ নাযাবলৈ মানুহক সতৰ্ক কৰি দিয়া হৈছে আৰু নিৰ্দেশ দিয়া হৈছে। ডুন আৰক্ষীক এলাৰ্ট মোডত ৰখা হৈছে, লগতে প্ৰতিটো পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
