নতুন দিল্লী/ইছলামাবাদ, ১৫ ডিছেম্বৰ (হি.স.)। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত আজি (শুকুৰবাৰে) পুৱা ৯:১৩ বজাত ভূমিকম্পৰ কম্পন অনুভূত হয়। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৪.২ বুলি জুখিছিল। এই তথ্য নতুন দিল্লীৰ নেশ্যনেল চেইজম’লজি চেণ্টাৰ (এন চি এছ)য়ে দিছে।
এনচিএছৰ মতে, পাকিস্তানৰ পৰা এতিয়ালৈকে কোনো প্ৰাণ বা সা-সম্পত্তি হেৰুৱাৰ খবৰ পোৱা নাই। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৪ ডিচেম্বৰত পাকিস্তানত ভূমিকম্পৰ ভূমিকম্প অনুভৱ কৰা হৈছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
