ৱাশ্বিংটন, ২৬ অক্টোবৰ (হি.স.)। আমেৰিকাৰ লুইষ্টন চহৰত বুধবাৰে নিশা এজন ব্যক্তিৰ নিৰ্বিচাৰ গুলীচালনাত ২২ জন লোকৰ মৃত্যু হয়। লগতে ৫০ জনতকৈ অধিক লোক আহত হয় আৰু তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক, গতিকে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এতিয়াও আৰক্ষীৰ হাতত ধৰা পৰা নাই আক্ৰমণকাৰী। এণ্ড্ৰস্কগিন কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে আক্ৰমণকাৰীৰ এখন ফটো প্ৰকাশ কৰি মানুহক সজাগ হৈ থাকিবলৈ আহ্বান জনায়।
আৰক্ষীৰ তথ্য অনুসৰি বুধবাৰে নিশা এজন ঘাতকে নিৰ্বিচাৰে গুলীচালনা কৰি ২২ জন লোকৰ প্ৰাণ কাঢ়ি নিয়ে। গুলীচালনাত আহত ৫০ জনতকৈ অধিক লোকক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আক্ৰমণকাৰীক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে। আৰক্ষীয়ে আক্ৰমণকাৰীৰ ছবি প্ৰকাশ কৰি ৰাইজৰ পৰা সহায় বিচাৰিছে। আৰক্ষীয়ে আক্ৰমণকাৰীজন যাতায়ত কৰা এখন বাহনৰো সন্ধানত অব্যাহত আছে।
লুইষ্টন হৈছে এণ্ড্ৰস্কগিন কাউন্টিৰ এটি অংশ। এণ্ড্ৰস্কগিন কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে এই কাণ্ডৰ তদন্ত চলি আছে আৰু ব্যৱসায়ীসকলক প্ৰতিষ্ঠানসমূহ বন্ধ কৰিবলৈ কোৱা হৈছে। জনসাধাৰণৰ সুৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই মানুহক ঘৰতে থাকিবলৈ আৰু অতিৰিক্ত সাৱধান হ’বলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ/অৰবিন্দ
