• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > আমেৰিকাৰ সংসদত ট্ৰাম্পৰ ‘ৱান বিগ বিউটিফুল বিল’ গৃহীত
International

আমেৰিকাৰ সংসদত ট্ৰাম্পৰ ‘ৱান বিগ বিউটিফুল বিল’ গৃহীত

CliQ INDIA
Last updated: July 4, 2025 4:21 pm
CliQ INDIA
Share
4 Min Read
SHARE

ৱাশ্বিংটন, ০৪ জুলাই (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অভিলাষী ‘ৱান বিগ বিউটিফুল বিল’ এতিয়া আইনত পৰিণত হ’ব। বৃহস্পতিবাৰে ৰিপাব্লিকান দলৰ সংখ্যাগৰিষ্ঠ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ পৰা সংকীৰ্ণ ব্যৱধানত গৃহীত হয়। ইয়াৰ লগে লগে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছে কৰ কৰ্তন বৃদ্ধি কৰি আৰু সামাজিক সুৰক্ষা নেট কাৰ্যসূচী কৰ্তন কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ঘৰুৱা এজেণ্ডা পূৰণৰ পথ প্ৰশস্ত কৰিলে। এই বিধেয়কখনৰ ওপৰত দুয়োটা সদনৰ অনুমোদন ট্ৰাম্প আৰু তেওঁৰ ৰিপাব্লিকান পাৰ্টিৰ বাবে এক ডাঙৰ জয় বুলি বিবেচিত হৈছে।

দ্য নিউয়ৰ্ক টাইমছ আৰু আন আমেৰিকান বাতৰি কাকতৰ বাতৰি অনুসৰি দুয়োটা সদনত এই বিধেয়কখন গৃহীত হোৱাটো হয়তো ট্ৰাম্প আৰু তেওঁৰ দলৰ বাবে তাৎক্ষণিক জয় হ’ব পাৰে যদিও অহা বছৰৰ মধ্যকালীন নিৰ্বাচনৰ পূৰ্বে ইয়াক এক ডাঙৰ ৰাজনৈতিক জুৱা বুলি বিবেচিত হৈছে। সুবিধা কৰ্তন কৰা এজেণ্ডাক সমৰ্থন কৰাৰ বাবে দুৰ্বল ৰিপাব্লিকান সাংসদসকলে নিশ্চিতভাৱে চোকা আক্ৰমণৰ সন্মুখীন হ’ব।

খবৰ অনুসৰি দুজন ৰিপাব্লিকানৰ বাহিৰে সকলোৱে বিধেয়কখনৰ সপক্ষে ভোটদান কৰিছিল আৰু ডেম’ক্ৰেটসকলে সমানে বিৰোধিতা কৰিছিল। নিউয়ৰ্কৰ ডেম’ক্ৰেট প্ৰতিনিধি হাকিম জেফ্ৰিছে এই বিধেয়কখনক আমেৰিকাৰ জনসাধাৰণৰ স্বাস্থ্যসেৱাৰ ওপৰত সৰ্বাত্মক আক্ৰমণ বুলি অভিহিত কৰিছে। হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া ভাষণ দি জেফ্ৰিছে অভিলেখ গঢ়িলে। তেওঁ আঠ ঘণ্টা ৪৬ মিনিট সময় বিলখনৰ ওপৰত কথা ক’লে। ৰাতিপুৱা ৪:৫৩ বজাত জেফ্ৰিছে কথা ক’বলৈ আৰম্ভ কৰিলে আৰু দুপৰীয়া ১:৩৮ বজাত শান্ত হৈ পৰিল।

দুয়োটা সদনে গৃহীত কৰা বিগ বিউটিফুল বিল নামেৰে পৰিচিত এই বিধেয়কখন স্বাক্ষৰ কৰিবলৈ ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ প্ৰেৰণ কৰা হৈছে। তেওঁৰ স্বাক্ষৰৰ পিছত এই বিধেয়কখন আইনত পৰিণত হ’ব। ২১৮-২১৪ ভোটৰ সংকীৰ্ণ সংখ্যাগৰিষ্ঠতাৰে গৃহীত এই বিধেয়কখন ৰিপাব্লিকান ৰাষ্ট্ৰপতিৰ বাবে বিশেষ। এই বিধেয়কত সীমান্ত সুৰক্ষা, সেনা আৰু গণ বিতাড়নৰ বাবে ব্যয় বৃদ্ধিৰ ব্যৱস্থা আছে। ই মেডিকেয়াৰত বৃহৎ কৰ্তন কৰিব আৰু চৰকাৰৰ ঋণত ট্ৰিলিয়ন ডলাৰ যোগ কৰিব। কৰ সম্পৰ্কীয় যুটীয়া সমিতিৰ অনুমান অনুসৰি এই বিধেয়কখনে ১০ বছৰৰ ভিতৰত ৩৬.২ ট্ৰিলিয়ন ডলাৰৰ ঋণৰ সৈতে আৰু ৩.৩ ট্ৰিলিয়ন ডলাৰ যোগ কৰিব। ইয়াৰ ফলত ৰাজহ ৪.৫ ট্ৰিলিয়ন ডলাৰ হ্ৰাস পাব আৰু ব্যয় ১.২ ট্ৰিলিয়ন ডলাৰ হ্ৰাস পাব।

অৰ্থনৈতিক বিশ্লেষকসকলে কয় যে যদিও ইয়াৰ দ্বাৰা অদূৰ ভৱিষ্যতে আমেৰিকা চৰকাৰ ঋণ পৰিশোধ নকৰাৰ সম্ভাৱনা ৰোধ কৰা হয়, তথাপিও ইয়াৰ ফলত আমেৰিকাৰ দীৰ্ঘম্যাদী ঋণৰ সমস্যা আৰু বেছি বেয়া হ’ব। ইয়াৰ দ্বাৰা স্বাস্থ্য আৰু খাদ্য সুৰক্ষা কাৰ্যসূচী কৰ্তন কৰা হ’ব আৰু সেউজ শক্তিৰ প্ৰসাৰৰ কেইবা ডজন পৰিকল্পনাৰ সম্পূৰ্ণ স্তব্ধতা আহিব। ইউনাইটেড ফুড এণ্ড কমাৰ্চিয়েল ৱৰ্কাৰছ ইণ্টাৰনেশ্যনেল ইউনিয়নৰ আন্তঃৰাষ্ট্ৰীয় সভাপতি মিল্টন জ’নে কয় যে এইটো হতাশাজনক। কংগ্ৰেছে এই ক্ষতিকাৰক, কুৎসিত বিধেয়কখন গৃহীত কৰিছে। ই শ্ৰমিক পৰিয়ালৰ প্ৰয়োজনীয়তাক আওকাণ কৰে। ই কেৱল নিষ্ঠুৰ নহয়, অৰ্থনৈতিকভাৱেও অসাৱধানতাপূৰ্ণ কৰ্তন কৰে।

স্বাধীনতা দিৱসৰ আটাইতকৈ ডাঙৰ উপহাৰঃ ট্ৰাম্প

দুয়োটা সদনৰ পৰা এই বিধেয়ক গৃহীত হোৱাত ড’নাল্ড ট্ৰাম্পে সুখ প্ৰকাশ কৰিছে। তেওঁ কয় যে এতিয়া লাখ লাখ পৰিয়ালে মৃত্যুকৰ পৰা মুক্তি পাইছে। আমেৰিকাৰ স্বাধীনতা দিৱস উপলক্ষে এই বিধেয়কখনতকৈ উত্তম উপহাৰ আৰু হ’ব নোৱাৰে। এই বিধেয়কখনৰ জৰিয়তে ২০২৪ চনত আইঅ’ৱাৰ জনসাধাৰণক দিয়া প্ৰতিটো ডাঙৰ প্ৰতিশ্ৰুতি পূৰণ হ’ল।

ৰাষ্ট্ৰপতিয়ে সন্ধিয়া ৫ বজাত স্বাক্ষৰ কৰিব: লেভিট

বিধেয়কখন গৃহীত হোৱাৰ পিছত হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে সাংবাদিকৰ আগত কয় যে শুকুৰবাৰে সন্ধিয়া ৫ বজাত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিধেয়কখনত স্বাক্ষৰ কৰিব পাৰে। ৪ জুলাইত স্বাক্ষৰ অনুষ্ঠান অনুষ্ঠিত হ’ব যি সময়ত এই বন্ধৰ দিন উপলক্ষে হোৱাইট হাউছত পিকনিকৰ আয়োজন কৰা হ’ব।

জে ডি ভ্যান্সৰ সন্তোষ প্ৰকাশ, অভিনন্দন জনায়

উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে বিধেয়কখন গৃহীত হোৱাত সুখ প্ৰকাশ কৰি সকলোকে অভিনন্দন জ্ঞাপন কৰে। এক্সত তেওঁ লিখিছে, সকলোকে অভিনন্দন। কেতিয়াবা মোৰ সন্দেহ হৈছিল যে আমি ০৪ জুলাইৰ ভিতৰত কামটো সম্পূৰ্ণ কৰিম নেকি।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

লাহোৰৰ বায়ুৰ গুণাগুণ পাকিস্তানৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত চহৰ
ট্ৰাম্পৰ ব্ৰাজিলৰ ওপৰত ৫০ টা শুল্ক আৰোপ, লুলাই অৰ্থনীতি চম্ভালিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন
আমেৰিকাৰ শীৰ্ষ সামৰিক বিষয়াক অহা সপ্তাহত ভাৰ্জিনিয়াত উপস্থিত হোৱাৰ নিৰ্দেশ
বৃহস্পতিবাৰে মাছহাদত অনুষ্ঠিত হ’ব হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱা ইৰাণৰ ৰাষ্ট্ৰপতিৰ অন্ত্যেষ্টিক্ৰিয়া | BulletsIn
প্ৰধানমন্ত্ৰী মোদীয়ে আজি গুৰুগ্ৰামত ৰাষ্ট্ৰলৈ উচৰ্গা কৰিব দ্বাৰকা এক্সপ্ৰেছৱেৰ হাৰিয়ানা অংশ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বিশ্ব বজাৰৰ পৰা মিশ্ৰিত সংকেত, এছিয়াত নিম্নগামী ধাৰা
Next Article পৰকীয়া প্ৰেম– বঙাইগাঁৱত দুই বিবাহিত প্ৰেমিক যুগলৰ আত্মহত্যা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?