ৱাশ্বিংটন, ৩১ জুলাই (হি.স.)। ব্ৰাজিলৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পে। বৰ্তমান ট্ৰাম্পৰ কাৰ্যকালত যিকোনো দেশৰ ওপৰত এই শুল্ক আৰোপ কৰা সৰ্বোচ্চ শুল্ক । কেৱল এয়াই নহয়, প্ৰাক্তন ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোৰ অপৰাধমূলক গোচৰটো নিৰীক্ষণ কৰি থকা উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ ওপৰতো আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰিছিল। ২০২২ চনৰ নিৰ্বাচনত পৰাজয়ৰ পিছতে অভ্যুত্থানৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ট্ৰাম্পৰ মিত্ৰ জায়েৰ বলছ’নাৰো।
দ্য নিউয়ৰ্ক টাইমছৰ মতে, কালি আমেৰিকাৰ এই পদক্ষেপে ট্ৰাম্প প্ৰশাসন আৰু লেটিন আমেৰিকাৰ সৰ্ববৃহৎ দেশ ব্ৰাজিলৰ মাজত সংকট আৰু অধিক বৃদ্ধি কৰিবলৈ গৈ আছে। এই পদক্ষেপে ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ’ লুলা দা চিলভালৈও এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। যোৱা শুকুৰবাৰে ট্ৰাম্পে কয় যে যদি ব্ৰাজিলে বলছ’নাৰোৰ বিৰুদ্ধে থকা অভিযোগ বাদ নিদিয়ে তেন্তে তেওঁ ৫০ শতাংশ শুল্ক আৰোপ কৰিব।
আমেৰিকাই নতুন শুল্ক ঘোষণা কৰাৰ পিছতে লুলাই ট্ৰাম্পে ব্ৰাজিলক হেঁচা প্ৰয়োগ কৰা আৰু আলোচনাৰ প্ৰস্তাৱক আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰে। ৰিঅ’ টাইমছৰ মতে, ৬ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই শুল্ক। আমেৰিকাৰ এই পদক্ষেপে দেশখনৰ অৰ্থনীতি পৰিচালনা আৰু চাকৰি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি লুলা দা ছিলভাৰ বাবে এক প্ৰকৃত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
ব্ৰাজিলৰ উচ্চতম ফেডাৰেল আদালতৰ বিতৰ্কিত ন্যায়াধীশ আলেকজেণ্ডাৰ ডি ম’ৰাছৰ বিৰুদ্ধে নিষেধাজ্ঞা ঘোষণা কৰি আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে লুলালৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে। ইয়াৰ উত্তৰত লুলাই ব্ৰাজিলৰ সাৰ্বভৌমত্ব ৰক্ষাৰ আহ্বান জনাইছে, ট্ৰাম্পৰ কাৰ্যক সমৰ্থন কৰাৰ বাবে বলছনাৰো সমৰ্থকসকলক বিশ্বাসঘাতক বুলি অভিযোগ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
