ইছলামাবাদ, ০৭ ফেব্ৰুৱাৰী : পাকিস্তানত নিৰ্বিঘ্নে ঘূৰি ফুৰা সন্ত্ৰাসবাদীয়ে ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বেলুচিস্তানৰ কুৱেটা আৰু গ্ৱাদাৰৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ আৰু প্ৰাৰ্থীৰ ঘৰক লক্ষ্য কৰি লৈছে। মঙলবাৰে সন্ধিয়া মকৰাণ সংমণ্ডলৰ লগতে প্ৰাদেশিক ৰাজধানীৰ বিভিন্ন অঞ্চলত প্ৰাৰ্থীৰ ঘৰত স্থাপন কৰা নিৰ্বাচনী কাৰ্যালয় আৰু ভোটগ্ৰহণ কেন্দ্ৰকে ধৰি কমেও ৯টা স্থানত উগ্ৰপন্থীয়ে আক্ৰমণ চলায়।
ডন কাকতৰ প্ৰতিবেদন অনুসৰি আৰক্ষীয়ে স্বীকাৰ কৰিছে যে সন্ধিয়া গভীৰ ভাগত কুৱেটাৰ বাহিৰৰ কিলি আহমদজাইৰ এখন চৰকাৰী বিদ্যালয়ত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰত মটৰ চাইকেল চলোৱা লোকে গ্ৰেনেড নিক্ষেপ কৰিছিল। বিদ্যালয়ৰ চোতালত বিস্ফোৰণ ঘটে এই গ্ৰেনেড। ইয়াৰ বাবেই খিৰিকীবোৰৰ ক্ষতিসাধন হয়। আৰক্ষীয়ে জনোৱা মতে, পাছনীৰ এখন চৰকাৰী বিদ্যালয়ত আক্ৰমণ বিফল হয়। পাছনীৰ বাঘবজাৰ চৰকাৰী বিদ্যালয়ৰ সমীপত উদ্ধাৰ হোৱা বিস্ফোৰক যন্ত্ৰটো নিষ্ক্ৰিয় কৰে বোমা নিষ্কাশন দলটোৱে।
আৰক্ষীৰ মতে, কেচ জিলাৰ হোছাব অঞ্চলত নেশ্যনেল ডাটাবেছ এণ্ড ৰেজিষ্ট্ৰেচন অথৰিটি বিল্ডিং কমপ্লেক্সৰ এটা কাৰ্যালয়ত গ্ৰেনেডেৰে আক্ৰমণ কৰা হয়। খিৰিকী নষ্ট হয় যদিও কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই। আৱৰণ জিলাৰ বিএনপি-মেংগালৰ ৰাষ্ট্ৰীয় বিধানসভাৰ প্ৰাৰ্থী মিৰ মহম্মদ ইয়াকুবৰ বাসগৃহ আৰু বুলেডাৰ পিএমএল-এনৰ প্ৰাৰ্থী মিৰ মহম্মদ আছলাম বুলেদিৰ ঘৰত গ্ৰেনেড আক্ৰমণ সংঘটিত হয়।
পাঞ্জগুৰ চহৰত নেচনেল পাৰ্টি দলৰ নেতা আব্দুল কাদিৰ সাজদীৰ ঘৰ আৰু নিৰ্দলীয় প্ৰাৰ্থী ড০ নূৰ বালোচৰ বাসগৃহক লক্ষ্য কৰি লোৱা হয়। দুয়োজন নেতাই কথমপি আক্ৰমণৰ পৰা ৰক্ষা পৰে। পিপিপিৰ প্ৰাৰ্থী আঘা গুলো নিজৰ ঘৰত গ্ৰেনেড আক্ৰমণৰ পৰা ৰক্ষা পৰে। ইয়াৰ উপৰিও কেচ জিলাৰ টাম্প অঞ্চলৰ নিৰাপত্তাৰক্ষীৰ এটা পোষ্টত পি আৰ জি-৭ প্ৰজেক্টাইল নিক্ষেপ কৰা হয়।
