নগাঁও, ০৭ ফ্ৰেব্ৰুৱাৰী : নগাঁও জিলাৰ কাৱৈমাৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত আছে। নগাঁৱৰ কাৱৈমাৰী আৰক্ষীয়ে নিশা লটানিচাপৰিৰ পৰা অভিযান চলাই ১৪ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ দুই সৰবৰাহকাৰীক আটক কৰে।
ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে মহিবুল হুছেইন আৰু নিজাম উদ্দিন বুলি পৰিচয় পোৱা গৈছে। অধিক তথ্যৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে কাৱৈমাৰী আৰক্ষীয়ে ।
