শক্তিশালী শৰীৰ আৰু শক্তিশালী অভিনয়ৰে জন আব্ৰাহামে বলীউডত এক সুকীয়া পৰিচয় সৃষ্টি কৰিছিল। একচন প্ৰেমীৰ বাবে জনৰ ছবি চোৱাটো উপহাৰতকৈ কম নহয়। জন ২০২৩ চনত শ্বাহৰুখ খানৰ সৈতে ‘পাঠান’ ছবিত কাম কৰিছিল। ‘পাঠান’ত জন খলনায়কৰ চৰিত্ৰত অভিনয় কৰিলেও তেওঁৰ অভিনয়ৰ অতিশয় শলাগ লোৱা হৈছিল। এতিয়া জনৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ। আজি ঘোষণা কৰা হৈছে জনৰ নতুন ছবি। এই ছবিখনৰ জৰিয়তে জনক পুনৰবাৰ একচনত দেখা যাব।
জন আব্ৰাহামে তেওঁৰ আগন্তুক ছবিৰ পোষ্টাৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। এই নতুন ছবিখনৰ নাম ‘বেদ’। মুকলি কৰা হৈছে ‘বেদ’ ছবিৰ দুখন পোষ্টাৰ। এটা পোষ্টাৰত জনৰ পিছফালে বন্দুক ওলমি থকা দেখা গৈছে। দ্বিতীয়খন ফটোত জন খঙাল আৰু পিছফালে অভিনেত্ৰী শৰ্বাৰী ৱাগক নাৰ্ভাছ হোৱা দেখা গৈছে। অনুৰাগীসকলে তেওঁৰ নতুন ছবিখনত জনৰ শক্তিশালী ৰূপটো ভাল পাইছে।
নিখিল আদৱানীয়ে পৰিচালনা কৰিছে ‘বেদ’ ছবি। এই ছবিখন ২০২৪ চনৰ ১২ জুলাইত ছবিগৃহত মুক্তি পাব। জনৰ অনুৰাগীসকলে তেওঁক পুনৰ একচনত দেখা পাই অত্যন্ত উৎসাহিত হৈ পৰিছে। ইয়াৰ পূৰ্বে জন সত্যমেৱ জয়তে, সত্যমেভ জয়তে ২, ফোৰ্চ, ফোৰ্চ ২, পাঠানৰ দৰে ছবিত শক্তিশালী একচন ভূমিকা পালন কৰিছিল।
