
পেৰিছ, ০৪ ছেপ্টেম্বৰ (হি স)। ৰাছিয়াই আজি পুনৰ সকীয়াই দিয়ে যে ভৱিষ্যতে শান্তি চুক্তিত ইউক্ৰেইনত কোনো পশ্চিমীয়া সৈন্যৰ উপস্থিতি মস্কোৱে মানি নলয়।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে বৃহস্পতিবাৰে পেৰিছত ইউৰোপৰ শীৰ্ষ নেতাৰ এটা দলক সাক্ষাৎ কৰি থকাৰ সময়তে ৰাছিয়াৰ এই মন্তব্য আহিছে।
আমেৰিকাৰ এবিচি নিউজ চেনেলৰ এক প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই কয় যে, “ৰাছিয়াই ইউক্ৰেইনত কোনো ধৰণৰ অগ্ৰাহ্যযোগ্য বিদেশী হস্তক্ষেপৰ বিষয়ে চৰ্চা কৰাৰ উদ্দেশ্য নাই।” তেওঁ কয়, “পশ্চিমীয়া যুদ্ধপ্ৰেমীসকলে ইউক্ৰেইনক তেওঁলোকৰ সামৰিক উন্নয়নৰ পৰীক্ষাগাৰ হিচাপে লয়।” ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা চুবুৰীয়া দেশখনৰ ওপৰত ৰাছিয়াই পূৰ্ণাংগ আক্ৰমণৰ অন্ত পেলোৱা চুক্তিৰ অংশ হিচাপে ইউক্ৰেইনত যিকোনো স্তৰতে পশ্চিমীয়া সৈন্য নিয়োগ কৰাৰ প্ৰস্তাৱ বাৰে বাৰে নাকচ কৰি আহিছে।
ইয়াৰ পিছতো নাটোৰ নেতা আৰু ইউক্ৰেইন চৰকাৰে শান্তি প্ৰস্তাৱৰ অংশ হিচাপে বিদেশী সৈন্য নিয়োগ কৰাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰি আছে। ইউক্ৰেইনে কয় যে আমেৰিকাৰ দালালিত কৰা যিকোনো শান্তি চুক্তিৰ সুবিধাৰ বাবে প্ৰয়োজনীয় নিৰাপত্তাৰ নিশ্চয়তাৰ অংশ। জাখাৰোভাই কয় যে আলোচনা কৰা নিৰাপত্তা ব্যৱস্থাসমূহ “ইউক্ৰেইনৰ বাবে নিৰাপত্তাৰ নিশ্চয়তা নহয়, কিন্তু ইউৰোপীয় মহাদেশৰ বাবে ই ভাবুকিৰ নিশ্চয়তা”।
বৃহস্পতিবাৰে জেলেনস্কি পেৰিছত উপস্থিত হোৱাৰ পিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ কাৰ্যালয়ৰ তথ্য অনুসৰি পূব সময় অনুসৰি পুৱা প্ৰায় ৮ বজাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে মেক্ৰন আৰু অন্যান্য নেতাই ভাৰ্চুৱেল আলোচনাত মিলিত হ’ব।
বুধবাৰে ৰাষ্ট্ৰপতি কাৰ্যালয় এলিচি পেলেচত ইউক্ৰেইনৰ নেতা জেলেনস্কিক আদৰণি জনায় মেক্ৰনে। জেলেনস্কিৰ সৈতে থিয় হৈ মেক্ৰনে কয় যে আমি ইউৰোপীয় হিচাপে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ দিনটোত ইউক্ৰেইন আৰু ইউক্ৰেইনৰ জনসাধাৰণৰ নিৰাপত্তাৰ নিশ্চয়তা দিবলৈ সাজু।’
তেওঁ কয় যে, মই প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰ্যায়ত গোপনীয়ভাৱে প্ৰস্তুত কৰা নথি-পত্ৰ পাইছো। এইবোৰৰ ভিত্তিত মই ক’ব পাৰো যে প্ৰস্তুতি কৰা হৈছে। মেক্ৰনে কয় যে এতিয়া ইয়াক ৰাজনৈতিকভাৱে সমৰ্থন কৰা হ’ব আৰু ইয়াৰ দ্বাৰা আমি এই কামটো সুনিৰ্দিষ্টভাৱে কৰিব পাৰো। কাইলৈ বৈঠক আৰু চৰ্চাত ঘোষণা কৰা হ’ব যে আমি ইউক্ৰেইন আৰু ইউৰোপীয় জনসাধাৰণৰ বাবে এক শক্তিশালী আৰু স্থায়ী শান্তিৰ বাবে সাজু।
জেলেনস্কিয়ে কয় যে যদিও ৰাছিয়াৰ পৰা কোনো লক্ষণ দেখা পোৱা নাই যে ই সঁচাকৈয়ে এই যুদ্ধৰ অন্ত পেলাব বিচাৰে। তেওঁ আত্মবিশ্বাসী যে ইউৰোপ আৰু আমেৰিকাৰ সৈতে ঘনিষ্ঠ সহযোগিতাই এই জটিল বিষয়টোৰ কূটনৈতিক সমাধানৰ দিশত ৰাছিয়াৰ ওপৰত হেঁচা বৃদ্ধি কৰাত আমাক সহায় কৰিব।
বৃহস্পতিবাৰে পেৰিছত অনুষ্ঠিত হ’বলগীয়া আলোচনাত অংশগ্ৰহণ কৰা আন ইউৰোপীয় নেতাসকলৰ ভিতৰত আছে ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েন, ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কোষ্টা, ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাব, ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকচেন আৰু পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্ক। ইউৰোপৰ আন বহু নেতাই ভাৰ্চুৱেলি এই বৈঠকত যোগদান কৰিছে।
ইফালে, ৱাশ্বিংটনত হোৱাইট হাউছে কয় যে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জেলেনস্কিৰ সৈতে কথা পাতিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
