ৰাষ্ট্ৰসংঘ, ১৩ ডিছেম্বৰ (হি.স.) ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ (ইউএনজিএ)ৰ জৰুৰী বৈঠকত গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ প্ৰস্তাৱ গৃহীত হয়। ভাৰতকে ধৰি ১৫৩খন দেশে ইয়াৰ পক্ষত ভোটদান কৰে। ১০ জন সদস্যই বিৰোধিতা কৰে। এই প্ৰক্ৰিয়াত ২৩ জন সদস্য অনুপস্থিত হৈ থাকে। এই তথ্য ৰাষ্ট্ৰসংঘৰ বাতৰি সেৱাই ইয়াৰ এক্স হেণ্ডেল আৰু ৱেবছাইটত শ্বেয়াৰ কৰিছে।
ৰাষ্ট্ৰসংঘৰ সংবাদ সেৱাৰ মতে, তাৎক্ষণিকভাৱে মানৱীয় যুদ্ধবিৰতি আৰু সকলো পণবন্দীক শীঘ্ৰে আৰু নিঃচৰ্তভাৱে মুকলি কৰি দিয়াৰ আহ্বান জনাইছে। আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত সকলো পক্ষই নিজৰ বাধ্যবাধকতা পালন কৰিবলৈ সাধাৰণ পৰিষদৰ দাবীও পুনৰ প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইনো অন্তৰ্ভুক্ত। এই আইনখনে বিশেষভাৱে নাগৰিকৰ সুৰক্ষাৰ বিষয়ে আলোচনা কৰে। এই প্ৰস্তাৱৰ পূৰ্বে সদস্য ৰাষ্ট্ৰসমূহে দুটা সংশোধনীৰ সপক্ষে ভোটদান কৰিছিল য’ত পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ বিশেষ উল্লেখ কৰা হৈছিল।
ইউএনজিএৰ মুৰব্বী ফ্ৰান্সিছে কয় যে গাজাত সাধাৰণ নাগৰিকক আক্ৰমণ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় আৰু মানৱীয় আইনৰ গুৰুতৰ উলংঘা হৈছে। ফ্ৰান্সিছে গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে সমৰ্থন প্ৰকাশ কৰিছে। যুদ্ধবিৰতিৰ প্ৰস্তাৱ দাখিল কৰে ইজিপ্তৰ ৰাষ্ট্ৰদূত আব্দেল খালেক মাহমুদে। যুদ্ধবিৰতি প্ৰস্তাৱৰ বিৰুদ্ধে ভোট দিয়া দেশসমূহৰ ভিতৰত আছে আমেৰিকা, অষ্ট্ৰিয়া, চেক গণৰাজ্য, গুৱেটামালা, ইজৰাইল, লাইবেৰিয়া, মাইক্ৰ’নেছিয়া, নাউৰু, পাপুয়া নিউগিনি আৰু পেৰাগুৱে।
ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কামোজে কয় যে ভাৰতে এই প্ৰস্তাৱৰ সপক্ষে ভোট দিছে। সাধাৰণ পৰিষদত চৰ্চা চলি থকা পৰিস্থিতিৰ বহু মাত্ৰা আছে। ৭ অক্টোবৰত ইজৰাইলত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল আৰু বহু লোকক পণবন্দী কৰি ৰখা হৈছিল, যিটো চিন্তাৰ বিষয়। গাজাত এক বৃহৎ মানৱীয় সংকটৰ সৃষ্টি হৈছে। বৃহৎ পৰিসৰত প্ৰাণ হেৰুৱাইছে সাধাৰণ নাগৰিকে। বিষয়টো হ’ল সকলো পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন মানি চলা। বৰ্তমান অঞ্চলটোৱে সন্মুখীন হোৱা বহু প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ এক উমৈহতীয়া প্ৰচেষ্টাত আন্তঃৰাষ্ট্ৰীয় সমাজৰ ঐক্যক ভাৰতে আদৰণি জনাইছে।
ৰাষ্ট্ৰসংঘত আমেৰিকাৰ ৰাষ্ট্ৰদূত লিণ্ডা থমাছ-গ্ৰীনফিল্ডে কয় যে যুদ্ধবিৰতিৰ প্ৰস্তাৱত আমেৰিকা একমত নহয়। এই যুদ্ধৰ বাবে পোনপটীয়াকৈ হামাছক দোষাৰোপ কৰে আমেৰিকাৰ দূতে। ইজৰাইলৰ ৰাষ্ট্ৰদূত গিলাড আৰ্ডানে এই প্ৰস্তাৱ নাকচ কৰি কয় যে যুদ্ধ বন্ধ কৰিলে হামাছৰ লাভহে হ’ব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
