ৰায়পুৰ, ১৩ ডিছেম্বৰ (হি.স.)। আজি (বুধবাৰে) ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তেওঁৰ উপস্থিতিত শপত গ্ৰহণ কৰিব ৰাজ্যৰ নতুন বিজেপি চৰকাৰে। এই তথ্য মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ছত্তীশগড় আৰু বিজেপি বিধানসভা দলৰ নেতা বিষ্ণুদেৱ ছাইয়ে নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।
সন্দৰ্ভত শ্বেয়াৰ কৰা তথ্য অনুসৰি ৰাজধানী ৰায়পুৰৰ বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান।
আজি সন্ধিয়া ছত্তীশগড়ৰ কমাণ্ড ল’বলৈ ওলোৱা ছাইয়ে শপতগ্ৰহণত অংশগ্ৰহণ কৰিবলৈ ৰায়পুৰলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে এক্সত এই আনন্দৰ ভাগ বতৰা কৰিছে । লগতে তেওঁ শপতগ্ৰহণ অনুষ্ঠানলৈ ৰাজ্যবাসীকো আমন্ত্ৰণ জনাইছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
