
গালভেষ্টন (টেক্সাছ), ২৩ ডিচেম্বৰ (হি.স.): মেক্সিকান নৌসেনাৰ এখন বিমান সোমবাৰে টেক্সাছৰ গালভেষ্টনত দুৰ্ঘটনাগ্ৰস্ত হৈ কেইবাজনো লোকৰ মৃত্যু হয়। উদ্ধাৰ আৰু সাহায্য অভিযান চলি আছে। মৃতকৰ সংখ্যাৰ খবৰ বেলেগ বেলেগ। আমেৰিকাৰ ক’ষ্ট গাৰ্ডৰ তথ্য অনুসৰি কমেও ৫জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। আন আন বাতৰি অনুসৰি পাইলট, এজন চিকিৎসক আৰু এজন ৰোগীকে ধৰি মৃত্যুৰ সংখ্যা ছয়জন হ’ব পাৰে।
দ্য নিউয়ৰ্ক টাইমছ আৰু হিউষ্টন ক্ৰনিকলৰ বাতৰি অনুসৰি বিমানখনত মেক্সিকান নৌসেনাৰ চাৰিজন বিষয়া আৰু চাৰিজন সাধাৰণ নাগৰিককে ধৰি আঠজন লোক আছিল। বিমানখনত থকা এবছৰীয়া শিশু জুইত ভয়ংকৰভাৱে জ্বলি ছাই হৈ পৰে। উদ্ধাৰ অভিযানৰ সময়ত কমেও দুজন লোকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে, য’ত এগৰাকী ২৭ বছৰীয়া মহিলাও আছিল। ঘন কুঁৱলীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।
গালভেষ্টন কাউন্টিৰ শ্বেৰিফ জিমি ফুলেনে জনোৱা মতে, গলভেষ্টন ক’জৱেৰ পশ্চিমে ৩:১৭ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। ৫ বজাৰ ভিতৰত ৬ জন লোকক উদ্ধাৰ কৰা হয়। মেক্সিকান নৌসেনাৰ সচিবালয়ে এক্স-পোষ্টত কয় যে, দুৰ্ঘটনাৰ সময়ত বিমানখন মিচৌ আৰু মাউই ফাউণ্ডেশ্যনৰ সমন্বয়ত চিকিৎসা সাহায্য অভিযানত আছিল। মিচৌ আৰু মাউই ফাউণ্ডেচনে মেক্সিকোত গুৰুতৰভাৱে পোৰা শিশুসকলক সহায় কৰে। খবৰ অনুসৰি, গালভেষ্টন আৰক্ষী বিভাগ, গালভেষ্টন কাউন্টি শ্বেৰিফৰ কাৰ্যালয়, আমেৰিকাৰ ক’ষ্ট গাৰ্ড আৰু টেক্সাছৰ জনসাধাৰণৰ সুৰক্ষা বিভাগৰ বিষয়াসকলে এই দুৰ্ঘটনাৰ তদন্ত কৰি আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
