ৱাশ্বিংটন, ৩০ জুন (হি.স.) । আমেৰিকাৰ নৰ্থ আইডাহ’ত দেওবাৰে বিয়লি বনাঞ্চলৰ জুই নিৰ্বাপন কৰি থকা অৱস্থাত অগ্নিনিৰ্বাপক বাহিনীৰ ওপৰত স্নাইপাৰৰ আক্ৰমণত দুজন লোক নিহত হয়। আনহাতে আহত হয় এজন অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী। এতিয়াও বন্ধ হোৱা নাই গুলীচালনা। উত্তৰ আইডাহ’ৰ ক’ৰ ডি এলেনৰ পূব অংশৰ ২৪ একৰ পাৰ্ক কেনফিল্ড মাউণ্টেন নেচাৰেল এৰিয়াত মাজে মাজে বন্দুকৰ গুলীৰ শব্দ শুনা গৈছে।
এই তথ্য দ্য নিউয়ৰ্ক টাইমছ আৰু চিএনএন চেনেলৰ বাতৰিত দিয়া হৈছে। খবৰ অনুসৰি, ক’ৰ ডি এলেনৰ ওচৰৰ আইন প্ৰয়োগকাৰী সংস্থাই পথচাৰীৰ সুবিধাৰ বাবে প্ৰতি সপ্তাহৰ শেষৰ ফালে অঘৰী লোকক খেদি পঠিয়াই দিয়ে। বিষয়াসকলে এনে লোকক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ মাজতে গুলীচালনা আৰম্ভ হয়।
কুটেনাই কাউন্টিৰ শ্বেৰিফ ৰবাৰ্ট নৰিছে বিয়লি প্ৰায় ৪:৩০ বজাত এখন সংবাদমেলত কয় যে আমি নিশ্চিতভাৱে স্নাইপাৰৰ গুলীচালনাৰ সন্মুখীন হৈছো। তেওঁ কয় যে গুলীৰ আঘাতত কিমান লোক হৈছে সেয়া স্পষ্ট হোৱা নাই যদিও দুজন অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান নিহত হৈছে।
খবৰ অনুসৰি উদ্যান কেনফিল্ড মাউণ্টেন নেচাৰেল এৰিয়াৰ ঘন বনাঞ্চল হাইকিং আৰু বাইকিং পথত এই গুলীচালনা সংঘটিত হৈছে। আমেৰিকাৰ কৃষি বন সেৱা বিভাগৰ এটা হেণ্ডআউট অনুসৰি উদ্যানখনত ২৫ মাইলতকৈও অধিক ট্ৰেইল আছে। স্থানীয় বাসিন্দা মাৰ্ক লেথ্ৰপৰ মতে, তেওঁৰ পত্নীয়ে সপ্তাহত তিনিৰ পৰা চাৰিবাৰকৈ কেনফিল্ড মাউণ্টেন নেচাৰেল এৰিয়াত হাইকিং কৰে। ইয়াত অপৰাধীৰ বাবে লুকাই থাকিবলৈ যথেষ্ট ঠাই আছে।
কুটেনাই কাউন্টিৰ শ্বেৰিফ ৰবাৰ্ট নৰিছে কয় যে আইন প্ৰয়োগকাৰী সংস্থাই নিৰীহ লোকক হত্যা কৰা স্নাইপাৰজনক বিচাৰিছে। বৰ্তমান পাহাৰৰ পৰা নামি আহিছে পৰ্বতাৰোহীসকল। দেওবাৰে নিশা ৯:৩০ বজাত এখন সংবাদমেলত এই সন্দৰ্ভত সবিশেষ দিব বুলি নৰিছে কয়। স্থানীয় সময় অনুসৰি (সোমবাৰে ১২:৩০ বজাত ইডিটি)। এই মিডিয়া ব্রিফিং কাউন্টিৰ হেডেনৰ জৰুৰীকালীন ব্যৱস্থাপনা অপাৰেচন চেণ্টাৰত অনুষ্ঠিত হ’ব৷
কুটেনাই কাউন্টি ইমাৰ্জেন্সি মেনেজমেণ্টৰ ফেচবুক পোষ্ট অনুসৰি গুলীচালনাৰ পিছত কেনফিল্ড মাউণ্টেনৰ ওপৰত ন’ ফ্লাই জ’ন ঘোষণা কৰা হৈছে। এই নিষেধাজ্ঞাৰ ভিতৰত ড্ৰ’নো অন্তৰ্ভুক্ত। আইডাহ’ক প্ৰতিনিধিত্ব কৰা আমেৰিকাৰ চিনেটৰ জিম ৰিচ্চে দেওবাৰে এক্স পোষ্টত সংঘটিত হোৱা ভয়ানক আক্ৰমণক গৰিহণা দিয়ে। এফ বি আইৰ প্ৰাক্তন এজেণ্ট তথা প্ৰবীণ অগ্নিনিৰ্বাপক বাহিনীৰ জেছন পেকে কয় যে কেনফিল্ড মাউণ্টেন নেচাৰেল এৰিয়াত সক্ৰিয় শ্বুটাৰ বা শ্বুটাৰক ধৰিবলৈ আইন প্ৰয়োগকাৰী সংস্থাৰ বাবে অধিক কঠিন হ’ব পাৰে, কিয়নো অঞ্চলটো দুৰ্গম আৰু জুই অতি দ্ৰুতগতিত বিয়পি পৰিছে।
বিষয়াসকলে জনোৱা মতে, শ্বুটাৰক বিচাৰিবলৈ হেলিকপ্টাৰ নিয়োগ কৰা হৈছে। দেওবাৰৰ গুলীচালনাত দুজন অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ মৃত্যু হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক বাহিনীৰ সংস্থাই প্ৰকাশ কৰিছে। এজনৰ অস্ত্ৰোপচাৰ চলি আছে। এই কথা নিশ্চিত কৰিছে চিকিৎসালয়ৰ মুখপাত্ৰ কিম এণ্ডাৰছনে।
মন কৰিবলগীয়া যে উত্তৰ আইডাহ’ক পেনহেণ্ডেল বুলিও কোৱা হয়। এই অঞ্চলৰ সীমা কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশ, ৱাশ্বিংটন ৰাজ্য আৰু মন্টানা ৰাজ্যৰ সৈতে সংযুক্ত। উত্তৰ আইডাহ’ত আছে ধুনীয়া ধুনীয়া হ্ৰদ, পাহাৰ আৰু অৰণ্য।
উত্তৰ আইডাহ’ৰ অন্যতম মূল আকৰ্ষণ হ’ল হ্ৰদ ক’ৰ ডি এলেন।
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
