বাৰ্লিন, ২৪ আগষ্ট (হি.স.)। জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জে দেওবাৰে কয় যে অনাগত বছৰবোৰত দেশখনে নতুন বাণিজ্যিক অংশীদাৰ বিচাৰিব লাগিব, বিশেষকৈ যি পৰিস্থিতিত শেহতীয়াকৈ আমেৰিকা আৰু ইউৰোপীয় সংঘৰ মাজত হোৱা বাণিজ্যিক চুক্তিত ইউৰোপীয় সামগ্ৰীৰ ওপৰত ১৫ শতাংশ শুল্ক আৰোপ কৰাৰ ব্যৱস্থা আছে।
বাৰ্লিনত অনুষ্ঠিত চৰকাৰী মুকলি দিৱসৰ কাৰ্যসূচীৰ সময়ত মেৰ্জে কয় যে, যদি আমেৰিকাই বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম মানি চলিবলৈ আৰু ইচ্ছুক নহয় তেন্তে আমি বিশ্ব বাণিজ্যক কেনেকৈ আগুৱাই লৈ যাম? আমি আমাৰ ধাৰণাসমূহৰ সৈতে মিল থকা দেশ বিচাৰিব লাগিব।
চিডিইউ দলৰ নেতা মেৰ্জে লগতে কয় যে দক্ষিণ আমেৰিকা, এছিয়া আৰু আফ্ৰিকাত নতুন বাণিজ্যিক সুযোগ বিচাৰি উলিয়াব পৰা যাব, যাৰ ফলত দুয়োপক্ষই লাভৱান হ’ব। তেওঁ কয়, আমেৰিকাৰ সৈতে আমি ভাল অৰ্থনৈতিক সম্পৰ্ক বজাই ৰখাটো প্ৰয়োজন, আৰু এতিয়ালৈকে আমি ইয়াৰ পৰা কিছু পৰিমাণে পলায়ন কৰিছো। কিন্তু আমি অহৰহ নতুন বজাৰৰ দিশে আগবাঢ়িব লাগিব।
চ্যান্সেলৰ মেৰ্জে লগতে কয় যে জাৰ্মানীয়ে চলিত বৰ্ষৰ শেষৰ ফালে সামাজিক সুৰক্ষা ব্যৱস্থাৰ মৌলিক প্ৰশ্নসমূহৰ সমাধান কৰিব লাগিব। নিয়োগ, পেঞ্চন আৰু স্বাস্থ্য সুবিধাৰ ওপৰত বৃদ্ধি পোৱা কল্যাণমূলক ব্যয় নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে আমি আমাৰ সামাজিক সুৰক্ষা ব্যৱস্থাটোক ভৱিষ্যতৰ বাবে শক্তিশালী আৰু বহনক্ষম কৰি তুলিব লাগিব।
মন কৰিবলগীয়া যে ২৮ জুলাইত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েনৰ মাজত বাণিজ্য কাঠামো চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ অধীনত ইউৰোপীয় সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
