কাঠমাণ্ডু, ০৭ আগষ্ট (হি.স.)। নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাবলৈ কাঠমাণ্ডু ভ্ৰমণ কৰিবলৈ গৈ আছে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী।
ভাৰতৰ বৈদেশিক সচিব নেপালৰ বৈদেশিক সচিব অমৃত ৰায়ৰ আমন্ত্ৰণত ১৭ আগষ্টত কাঠমাণ্ডু ভ্ৰমণ কৰিবলৈ ওলাইছে। নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি ১৭-১৮ আগষ্টত দুদিনীয়া ভ্ৰমণলৈ আহি আছে বিক্ৰম মিশ্ৰী।
এই ভ্ৰমণৰ সময়ত ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক সাক্ষাৎ কৰি ভাৰত ভ্ৰমণৰ আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ প্ৰদান কৰিবলৈ ওলাইছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলিলৈ প্ৰেৰণ কৰা আমন্ত্ৰণ পত্ৰখন অৰ্পণ কৰাৰ লগে লগে যোৱা এবছৰৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত এই ভ্ৰমণ নিশ্চিত হ’ব।
অহা ১৬-১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী অলিয়ে ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ বিষয়ে ইতিমধ্যে নেপালৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তথ্য প্ৰদান কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
