ইছলামাবাদ, ২৫ অক্টোবৰ (হি.স.)। চুবুৰীয়া দেশ আফগানিস্তানৰ সৈতে উত্তেজনাৰ বাবে সীমান্তত বাণিজ্যিক কাৰ্যকলাপ বন্ধ হৈ পৰিছে। শুকুৰবাৰে নিৰাপত্তাজনিত উদ্বিগ্নতাৰ বাবে পাকিস্তান-আফগানিস্তানৰ সীমান্ত সকলো ধৰণৰ বাণিজ্যিক কাৰ্যকলাপৰ বাবে বন্ধ হৈ আছে। ইছলামাবাদে আফগান ট্ৰেনজিট বাণিজ্যৰ বাবে বেলুচিস্তান প্ৰদেশৰ চমন ক্ৰছিং আংশিকভাৱে মুকলি কৰা বুলি কৰা দাবীক বিষয়াসকলে ভিত্তিহীন বুলি অভিহিত কৰে। বিষয়াসকলে জনোৱা মতে, আনকি পথচাৰীকো দুয়োফালৰ পৰা সীমান্ত পাৰ হ’বলৈ দিয়া নহয়।
ডন কাকতত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি শুল্ক বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, যোৱা ১২ দিন ধৰি সীমান্ত বন্ধ হৈ আছে। ট্ৰেনজিট বাণিজ্যকে ধৰি কোনো ধৰণৰ বাণিজ্যিক কাৰ্য্যকলাপৰ বাবে এতিয়াও মুকলি কৰা হোৱা নাই। চমন চহৰৰ প্ৰশাসনিক বিষয়াসকলে কয় যে সীমান্ত পুনৰ মুকলি কৰাৰ সন্দৰ্ভত ইছলামাবাদ কৰ্তৃপক্ষৰ পৰা এতিয়াও কোনো নিৰ্দেশনা পোৱা নাই। এইটো সঁচা যে আফগান শৰণাৰ্থীসকলক সীমিত সময়ৰ বাবে চমন ক্ৰছিঙৰ জৰিয়তে ঘূৰাই পঠিওৱা হৈছিল।
আজি ইস্তানবুলত পাকিস্তান আৰু আফগান বিষয়াৰ মাজত হোৱা বৈঠকত পৰিস্থিতি স্বাভাৱিক হ’ব বুলি ব্যৱসায়ীসকলে আশা কৰিছে।
ইফালে ফেডাৰেল ব’ৰ্ড অৱ ৰেভিনিউৱে ঘোষণা কৰিছে যে তেওঁলোকৰ কৰ্মচাৰীসকলক সীমান্ত চেকপইণ্টত নিয়োগ কৰা হৈছে আৰু অৰ্ডাৰ পোৱাৰ লগে লগে সীমান্ত মুকলি কৰা হ’ব। আফগানিস্তানৰ সীমান্তৰ চেকপইণ্টত ট্ৰেনজিট কাৰ্গো, ৰপ্তানি চালান, আমদানিকৃত সামগ্ৰী ভৰ্তি ১০০০ৰো অধিক ট্ৰাক আবদ্ধ হৈ থকাৰ খবৰ পোৱাৰ পিছতে ব’ৰ্ডে এই ঘোষণা কৰিছে।
১২ অক্টোবৰৰ পৰা টৰখাম, গুলাম খান, খাৰলাচী আৰু আংগুৰ আড্ডা আদি সীমান্তৰ প্ৰধান চেকপইণ্টত আৰু ১৫ অক্টোবৰৰ পৰা চমন সীমান্তত ৰপ্তানি আৰু আমদানি দুয়োটাৰে শুল্ক নিষ্পত্তি বন্ধ কৰাৰ পিছতে এই ব্যাঘাত জন্মিছে। এফ বি আৰৰ এক আনুষ্ঠানিক ঘোষণাত কোৱা হৈছে যে শুল্ক চেকপইণ্টত নিৰাপত্তাজনিত চিন্তাৰ বাবে পাকিস্তান আৰু আফগানিস্তানৰ মাজত দ্বিপাক্ষিক বাণিজ্য সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।
দ্বিপাক্ষিক বাণিজ্য বন্ধ কৰাৰ পূৰ্বে শুল্ক বিষয়াসকলে টৰখাম, গুলাম খান, খাৰলাচী, আৰু আংগুৰ আড্ডা চেকপইণ্টত ৩৬৩খন আমদানি বাহন ক্লিয়াৰ কৰিছিল। বৰ্তমান টৰখামত ২৩খন আমদানিকাৰী বাহনৰ ক্লিয়াৰেন্স বাকী আছে। এই বাহনসমূহে বস্ত্ৰ, ৰং, বাদাম, দালি আদি সামগ্ৰী কঢ়িয়াই লৈ ফুৰে। ৰপ্তানিৰ ক্ষেত্ৰতো একেধৰণৰ পৰিস্থিতি। টৰখাম টাৰ্মিনেলৰ ভিতৰত ২৫৫খন বাহন আবদ্ধ হৈ থকাৰ বিপৰীতে জামৰুদ-লেণ্ডি কোটাল পথত আবদ্ধ হৈ আছে প্ৰায় ২০০ খন। ১৫ অক্টোবৰৰ পৰা চমন শুল্ক ষ্টেচনত শুল্ক নিষ্পত্তিৰ কাম বন্ধ হৈ আছে। টৰখাম আৰু চমন সীমান্ত পাৰ হ’বলৈ প্ৰায় ৪৯৫খন বাহনে শাৰী পাতিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
