নতুন দিল্লী, ২১ জুলাই (হি.স.)। ভাৰতৰ দীঘলীয়া পথ সুৰংগ আৰু এছিয়াৰ আটাইতকৈ দীঘল দ্বিমুখী জোজিলা সুৰংগ ২০২৭ চনৰ ভিতৰত যাতায়তৰ বাবে সম্পূৰ্ণ হোৱাৰ অৱস্থাত আছে। দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ ভাৰতীয় তীখা কৰ্তৃপক্ষ লিমিটেডে (চেইল-SAIL) এই প্ৰকল্পৰ বাবে ৩১ হাজাৰ টনতকৈ অধিক তীখা যোগান ধৰিছে।
তীখা মন্ত্ৰালয়ে সোমবাৰে এক বিবৃতিত কয় যে এই কৌশলগত গাঁথনিত চেইলক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাবে চেইলে টিএমটি ৰি-বাৰ, ষ্ট্ৰাকচাৰেল আৰু প্লেটকে ধৰি ৩১ হাজাৰ টনতকৈ অধিক ষ্টীল যোগান ধৰিছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি ১১,৫৭৮ ফুট উচ্চতাত কৌশলগতভাৱে অৱস্থিত এই সুৰংগটো হিমালয়ৰ প্ৰত্যাহ্বানমূলক ভূখণ্ডত নিৰ্মাণ কৰা হৈছে। ৩০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ এই সুৰংগটোৱে দ্ৰাছ আৰু কাৰ্গিল হৈ শ্ৰীনগৰ আৰু লেহৰ মাজত সৰ্ববতৰৰ গুৰুত্বপূৰ্ণ সংযোগ প্ৰদান কৰিব। এই সুৰংগটো ভাৰতৰ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি উন্নয়নৰ এক গুৰুত্বপূৰ্ণ অংশ, বিশেষকৈ শ্ৰীনগৰ-কাৰগিল-লেহ ৰাষ্ট্ৰীয় ঘাইপথ। এই সুৰংগে অঞ্চলটোত অসামৰিক আৰু সামৰিক গতিশীলতা যথেষ্ট বৃদ্ধি কৰিব।
তীখা মন্ত্ৰালয়ৰ মতে, ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণ হ’বলগীয়া এই প্ৰকল্পটোলৈ তীখাৰ যোগান অব্যাহত ৰখাটোৱে চেইলৰ অটল প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। জোজিলা সুৰংগৰ দৰে বিশাল প্ৰকল্পসমূহে চেইলৰ তীখাৰ নিৰ্ভৰযোগ্যতা আৰু শক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ আছে, যিটো কোম্পানীটোৰ গুণগত মানৰ প্ৰতি দায়বদ্ধতা আৰু ভাৰতৰ ভৱিষ্যত গঢ় দিয়াত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ সাক্ষ্য। জোজিলা সুৰংগ, চেনাব ৰেলৱে দলং, অটল সুৰংগ, বান্দ্ৰা-ৱৰ্লি-সাগৰীয় সংযোগ আৰু অসমৰ ঢলা শদিয়া আৰু বগীবিল দলংকে ধৰি ভাৰতৰ আটাইতকৈ সন্মানীয় আন্তঃগাঁথনি প্ৰকল্পসমূহক সহায় কৰাৰ ক্ষেত্ৰত চেইলৰ বিস্তৃত উত্তৰাধিকাৰ আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
