নতুন দিল্লী, ২২ জুলাই (হি.স.)। ৰাজহুৱা খণ্ডৰ বেংক (পিএছবি)ৰ মুঠ অকাৰ্যকৰ সম্পদ (নন-পাৰফৰ্মিং এচেটছ) চমুকৈ এনপিএ ক্ৰমাগতভাৱে হ্ৰাস পাইছে। ২০২১ চনৰ মাৰ্চৰ পৰা ২০২৫ চনৰ মাৰ্চলৈ পিএছবিৰ এনপিএ ৯.১১ শতাংশৰ পৰা ২.৫৮ শতাংশলৈ হ্ৰাস পাইছে। ইয়াৰ সমান্তৰালকৈ জুন মাহত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰো ২.১ শতাংশলৈ হ্ৰাস পাইছে।
মঙলবাৰে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে এই তথ্য প্ৰদান কৰে। পংকজ চৌধুৰীয়ে কয় যে চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক দুয়োটাই এনপিএ বৃদ্ধিৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ লগতে আৰোগ্যৰ হাৰ উন্নত কৰাৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে ইয়াৰ বাবেই ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ মুঠ এনপিএ ২০২১ চনৰ মাৰ্চ মাহত ৯.১১ শতাংশৰ পৰা ২০২৫ চনৰ মাৰ্চলৈকে বিগত পাঁচটা বিত্তীয় বৰ্ষত ২.৫৮ শতাংশলৈ হ্ৰাস পাইছে।
আন এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰীয়ে কয় যে চৰকাৰ আৰু আৰ বি আইয়ে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ আৰু সাধাৰণ নাগৰিকৰ ওপৰত ইয়াৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে বৃহৎ মুদ্ৰা আৰু বিত্তীয় ব্যৱস্থা গ্ৰহণ কৰিছে। উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিয়ে ২০২২ চনৰ মে’ৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ২.৫০ বেছিছ পইণ্ট (৪ শতাংশৰ পৰা ৬.৫ শতাংশলৈ) ৰেপ’ হাৰ বৃদ্ধি কৰিছিল আৰু তাৰ পিছত ২০২৫ চনৰ জানুৱাৰীলৈকে ৬.৫ শতাংশত ৰাখিছিল।ফলত গ্ৰাহক মূল্য সূচকাংক (চিপিআই) ভিত্তিক খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস পাইছে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৫.৪ শতাংশৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষত বাৰ্ষিক ভিত্তিত ৪.৬ শতাংশ, যিটো ছয় বছৰৰ ভিতৰত সৰ্বনিম্ন।
তেওঁ কয় যে শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি ২০২৫ চনৰ জুন মাহত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আৰু অধিক হ্ৰাস পাই ২.১ শতাংশ হৈছে। তেওঁ কয় যে মুদ্ৰাস্ফীতিৰ ব্যাপক হ্ৰাসৰ ফলত আৰু বৃদ্ধিৰ বাবে আৰ বি আইয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা নীতিগত হাৰ ৰেপ’ হাৰ এক শতাংশ হ্ৰাস কৰিছে, যাৰ বাবে চি পি আই ভিত্তিক মুদ্ৰাস্ফীতি আৰ বি আইৰ সহনশীলতাৰ সীমাৰ ভিতৰত আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
