ঢাকা, ২৯ ছেপ্টেম্বৰ (হি.স.)। বাংলাদেশ সেনাই যোৱাকালি নিশা দাবী কৰে যে খাগ্ৰাছাৰীৰ গুইমাৰা মহকুমাৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে। অৱশ্যে কিছু অঞ্চলত উত্তেজনা অব্যাহত আছে। এই অশান্তিৰ প্ৰতি সঁহাৰি জনাই ক্ষতিগ্ৰস্ত অঞ্চলত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। শেহতীয়া ঘটনা সন্দৰ্ভত সেনাই এক বিশদ আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি ধৰ্মীয় দাঙ্গা ষড়যন্ত্ৰৰ ফল বুলি দাবী কৰে।
ঢাকা ট্ৰিবিউনৰ প্রতিবেদনত সেনাই উল্লেখ কৰিছে যে শনিবাৰ আৰু দেওবাৰে খাগ্ৰাছাৰীৰ গুইমাৰা মহকুমাত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাটো এটা ইচ্ছাকৃত ষড়যন্ত্ৰৰ ফল। বিবৃতিটোত উল্লেখ কৰা অনুসৰি যোৱা ১৯ ছেপ্টেম্বৰত মটৰ চাইকেল আৰোহী মামুনৰ হত্যাকাণ্ডৰ পিছত উত্তেজনা বৃদ্ধি পাবলৈ ধৰে।পিছত ইউনাইটেড পিপলছ ডেম’ক্ৰেটিক ফ্ৰণ্ট (ইউ পি ডি এফ) আৰু ইয়াৰ লগত জড়িত সংগঠনসমূহে দিঘিনলা আৰু ৰঙামাটিত সাম্প্ৰদায়িক অশান্তিৰ উচটনি দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ ফলত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষত তিনিজন লোক নিহত হোৱাৰ লগতে কেইবাজনো স্থানীয় লোক আহত হয়।
আন্তঃসেৱা জনসংযোগ চমুকৈ আই এছ পি আৰ য়ে প্ৰকাশ কৰা অনুসৰি ইউ পি ডি এফ আৰু ইয়াৰ মিত্ৰশক্তিয়ে চট্টগ্ৰাম পাহাৰীয়া ট্ৰেক্টৰ বিভিন্ন স্থানত এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে। ২৩ ছেপ্টেম্বৰৰ নিশা খাগ্ৰাছাৰীৰ চিংগিনালা অঞ্চলত এগৰাকী স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰাৰ পিছতে ইউ পি ডি এফৰ সৈতে জড়িত শায়ন শিলক ২৪ ছেপ্টেম্বৰত সেনাৰ সহায়ত গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পিছতে ইউপিডিএফৰ সৈতে জড়িত পিচিপি নেতা উখানু মাৰ্মাই খাগ্ৰাছাৰীত জুম্মা ছাত্ৰ জনতাৰ বেনাৰত মানৱ শৃংখল গঠনৰ আহ্বান জনায়। ২৫ ছেপ্টেম্বৰত জিলাখনত আধাদিনীয়া ধৰ্মঘট পালন কৰা হয়।ছ’চিয়েল মিডিয়াত বাংলাভাষী জনগোষ্ঠীক লক্ষ্য কৰি কেইবাটাও প্ৰজ্বলনমূলক আৰু প্ৰৰোচনামূলক বক্তব্য প্ৰচাৰ কৰা হয়।
সেনাবাহিনীৰ মতে, ইয়াৰ ফলত ২৬ ছেপ্টেম্বৰত খাগ্ৰাছাৰীত উত্তেজনা বৃদ্ধি পায়। অৱৰোধৰ সময়ত একাংশ প্ৰতিবাদকাৰীয়ে টহল দি থকা সেনা জোৱানক শিল আৰু ইটা নিক্ষেপ কৰাৰ অভিযোগ উঠিছে, যাৰ ফলত তিনিজন জোৱান আহত হৈছিল। উচটনি দিয়াৰ পিছতো সেনাই বল প্ৰয়োগৰ পৰা বিৰত থাকিল। শনিবাৰে ইউ পি ডি এফ আৰু ইয়াৰ সংযুক্ত গোটসমূহে ভাঙি-ছিঙি পুনৰ অশান্তিৰ সৃষ্টি কৰাৰ চেষ্টা চলাইছিল বুলি অভিযোগ উঠিছে। এই অশান্তিৰ ফলত সমগ্ৰ খাগ্ৰাছাৰী পৌৰসভা অঞ্চলত আইন-শৃংখলা বিঘ্নিত হোৱাৰ লগতে সাম্প্ৰদায়িক দাঙ্গালৈ পৰিণত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে জিলা প্ৰশাসনে খাগ্ৰাছাৰী আৰু গুইমৰাত ১৪৪ ধাৰা জাৰি কৰে। দেওবাৰে লোকে ১৪৪ ধাৰা উলংঘা কৰে।
পুৱা প্ৰায় ১০:৩০ বজাত ইউ পি ডি এফৰ কৰ্মী আৰু স্থানীয় বাঙালী বাসিন্দাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। যেতিয়া সেনাবাহিনীৰ লোকে হস্তক্ষেপ কৰে তেতিয়া তেওঁলোকক অস্ত্ৰ-শস্ত্ৰ, ইটা, গুলী, লাঠিৰে আক্ৰমণ কৰা হয় আৰু তিনিজন বিষয়াকে ধৰি ১০ জন সৈনিক আহত হয়। ৰামগড় অঞ্চলতো চৰকাৰী বাহন ভাঙি লণ্ডভণ্ড কৰে। পুৱা প্ৰায় ১১:৩০ বজাত ইউ পি ডি এফ (মেইন)ৰ সদস্যই গুলীচালনা কৰা বুলি জানিব পৰা গৈছে। ৰামছু বজাৰৰ পশ্চিমে থকা পাহাৰৰ শিখৰৰ পৰা ১০০ৰ পৰা ১৫০ ৰাউণ্ড স্বয়ংক্ৰিয় অস্ত্ৰ নিক্ষেপ কৰা হয়।
সেনাবাহিনীৰ টহলদাৰে সশস্ত্ৰ আক্ৰমণকাৰীক খেদি খেদি যোৱাৰ সময়ত ইউ পি ডি এফৰ আন কেডাৰে ৰামছু বজাৰ অঞ্চলত ঘৰ-দুৱাৰত জুই জ্বলাই দিয়াৰ খবৰ পোৱা গৈছে। ৰামছু বজাৰ আৰু গুইমাৰাত অতিৰিক্ত সৈন্য মোতায়েন কৰা হৈছে। প্ৰায় ৪:৩০ বজাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়।
সেনাই দাবী কৰে যে বিগত কিছুদিনত ইউ পি ডি এফ আৰু ইয়াৰ লগত জড়িত সংগঠনসমূহে চিটাগং হিল ট্ৰেক্টক অস্থিৰ কৰাৰ প্ৰয়াসত মহিলা আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক পদ্ধতিগতভাৱে তেওঁলোকৰ বিধ্বংসী কাৰ্যকলাপত যোগদান কৰিবলৈ বাধ্য কৰাইছে। সাম্প্ৰদায়িক হিংসাৰ উচটনি দিবলৈ ঘৰতে নিৰ্মিত অস্ত্ৰৰে সজ্জিত বাহিৰৰ উগ্ৰপন্থীক আনিবলৈ চেষ্টা কৰা হৈছিল। সেনাই কয় যে ১৯ ছেপ্টেম্বৰৰ পৰা দেওবাৰৰ ভিতৰত সংঘটিত হোৱা ঘটনাক বৃহত্তৰ, সুপৰিকল্পিত ষড়যন্ত্ৰৰ অংশ বুলি গণ্য কৰে।
দ্য ডেইলী ষ্টাৰে প্ৰকাশ কৰা অনুসৰি খাগ্ৰাছাৰীত সংঘটিত হিংসা আৰু মৃত্যুৰ তদন্তৰ তৎকালীন তদন্তৰ দাবী জনাইছে অধিকাৰ, সাংস্কৃতিক, ৰাজনৈতিক গোটসমূহে। ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেল বাংলাদেশে প্ৰশ্ন উত্থাপন কৰিছে যে এগৰাকী ছোৱালীৰ ওপৰত হোৱা নৃশংস আক্ৰমণৰ পিছত ন্যায়ৰ দাবীত কি অপৰাধ জড়িত হৈ আছে। সংগঠনটোৱে ঘটনাৰ সম্যক ন্যায়িক তদন্ত আৰু ধৰ্ষণকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। কালি জিলাখনৰ গুইমাৰা মহকুমাত এগৰাকী স্কুলীয়া ছাত্ৰীক ধৰ্ষণৰ প্ৰতিবাদৰ সময়তে কমেও তিনিজন লোকক গুলীয়াই হত্যা কৰা হয়। টিআইবিৰ কাৰ্যবাহী সঞ্চালক ইফটেখাৰুজ্জামানে কয় যে খিলঞ্জীয়া মহিলাক ধৰ্ষণ কৰাটো সাধাৰণ কথা হৈ পৰিছে।
বাংলাদেশ মহিলা পৰিষদ আৰু বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদে খাগ্ৰাছাৰিত হিংসাত্মক পৰিস্থিতিৰ অন্ত পেলাবলৈ দাবী জনাই দোষীক গ্ৰেপ্তাৰ কৰি ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকলৰ উপযুক্ত চিকিৎসা সুনিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনায়। বাংলাদেশ উদিচি শিল্পীগোষ্ঠীয়ে উপযুক্ত চিকিৎসা সেৱাৰ লগতে আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবী জনায়। আন এক বিবৃতিত নাৰিবাৰী বেনাৰত ৮৪ গৰাকী মহিলা অধিকাৰ কৰ্মীয়ে ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে শীঘ্ৰে গোচৰ চলাই শাস্তি প্ৰদানৰ দাবী জনায়। বিগত এবছৰত খগ্ৰাছাৰিত ৭ গৰাকী খিলঞ্জীয়া মহিলাক ধৰ্ষণ কৰা বুলি জানিবলৈ দিয়ে। ঘটনাৰ সেনা-আৰক্ষীৰ ভূমিকা সন্দৰ্ভত তদন্তৰ দাবী জনাইছে গণ সংহতি আন্দোলনে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
