লণ্ডন, ২৯ জুলাই (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ মাজত সোমবাৰে হোৱা যৌথ আলোচনাৰ সময়ত বায়ু (পৱন) শক্তি (উইণ্ড টাৰ্বাইন) সন্দৰ্ভত মুকলি মতানৈক্য দেখা গৈছিল। ট্ৰাম্পে উইণ টাৰ্বাইনক “আটাইতকৈ ব্যয়বহুল আৰু কুৎসিত শক্তি” বুলি অভিহিত কৰাৰ বিপৰীতে ষ্টাৰমাৰে ইয়াক বৈজ্ঞানিক আৰু অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা ৰক্ষা কৰে।
ড’নাল্ড ট্ৰাম্পে বায়ু শক্তিৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই কয় যে ই আটাইতকৈ ব্যয়বহুল আৰু ইয়েই পাম, পথাৰ আৰু জলপথৰ সৌন্দৰ্য্য ধ্বংস কৰে। এই টাৰ্বাইনসমূহ চীনত নিৰ্মিত আৰু মাত্ৰ আঠ বছৰৰ ভিতৰতে মামৰে ধৰিবলৈ আৰম্ভ কৰে।
তেওঁ লগতে কয়, ‘মাটিৰ অলপ ফুটাতকৈ তেল আৰু গেছে হাজাৰগুণ বেছি শক্তি প্ৰদান কৰিব পাৰে। বতাহৰ শক্তি অস্থিৰ, ইয়াৰ বাবে বৃহৎ ৰাজসাহায্যৰ প্ৰয়োজন। আমি আমেৰিকাত ইয়াক নিষিদ্ধ কৰিছো কাৰণ ইয়াৰ দ্বাৰা চৰাইৰ মৃত্যুও হয়।”
ট্ৰাম্পৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে কয় যে বায়ু শক্তি কেৱল সস্তা হোৱাই নহয়, ব্ৰিটেইনৰ শক্তি সুৰক্ষা আৰু পৰিৱেশৰ লক্ষ্যৰ বাবে ই অতি প্ৰয়োজনীয়। তেওঁ কয় যে আমি বায়ু শক্তিত বিনিয়োগ কৰিছো কাৰণ ই আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ। ই পৰিষ্কাৰ, বহনক্ষম আৰু ঘৰুৱাভাৱে উৎপাদিত শক্তি, যিয়ে আমাক ৰাছিয়া বা উপসাগৰীয় দেশসমূহৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ অনুমতি নিদিয়ে।
ষ্টাৰমাৰে লগতে কয় যে ব্ৰিটেইনত হাজাৰ হাজাৰ চাকৰি বায়ু শক্তি প্ৰকল্পৰ সৈতে জড়িত আৰু ই দেশখনৰ অৰ্থনীতি আৰু জলবায়ু দুয়োটা লক্ষ্য পূৰণ কৰাত সহায় কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
