
ভিলাৰ্ডেভছ (স্পেইন), ১৮ আগষ্ট (হি.স.)। তীব্ৰ উষ্ণতাৰ ফলত স্পেইনত সাহায্যৰ কাম কঠিন হৈ পৰিছে, য’ত বৰ্তমান ২০টা বৃহৎ বনাঞ্চলৰ অগ্নিকাণ্ড সংঘটিত হৈছে। দেওবাৰে পৰিস্থিতি চম্ভালিবলৈ চৰকাৰে সেনাৰ জৰুৰীকালীন ইউনিটৰ পৰা অতিৰিক্ত ৫০০ জোৱান মোতায়েন কৰে।
গালিচিয়াৰ উত্তৰ-পশ্চিম অঞ্চলৰ কেইবাটাও জুই একেলগে একত্ৰিত হৈ এক বিশাল নৰকলৈ পৰিণত হয়। ইয়াৰ বাবে ঘাইপথ আৰু ৰে’ল সেৱা বন্ধ কৰিবলগীয়া হৈছিল। স্পেইনৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সংস্থাই সকীয়াই দিছে যে কিছুমান অঞ্চলত তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ’ব পাৰে।
দক্ষিণ ইউৰোপে বৰ্তমান বিগত ২০ বছৰৰ ভিতৰত আটাইতকৈ ভয়াৱহ বন্য অগ্নিকাণ্ডৰ বতৰৰ সন্মুখীন হৈছে। কেৱল যোৱা এটা সপ্তাহত স্পেইনত তিনিজন লোকৰ মৃত্যু হৈছে আৰু এতিয়ালৈকে ১.১৫ লাখ হেক্টৰ বনাঞ্চল জ্বলি ছাই হৈ পৰিছে। চুবুৰীয়া ৰাষ্ট্ৰ পৰ্তুগালেও ব্যাপক অগ্নিকাণ্ডৰ সৈতে যুঁজি আছে।
প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে কয় যে আগন্তুক দিনবোৰ প্ৰত্যাহ্বানমূলক হ’ব আৰু দুৰ্ভাগ্যজনকভাৱে বতৰ আমাৰ পক্ষত নাই। তেওঁ কয় যে মুঠ সেনা নিয়োগ ১৯০০ সৈন্যলৈ বৃদ্ধি কৰা হৈছে।
জৰুৰীকালীন সেৱাৰ সঞ্চালক প্ৰধান ভাৰ্জিনিয়া বাৰ্কনেছে ৰাজ্যিক টিভিত কয় যে মঙলবাৰৰ পৰা তাপমাত্ৰা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে যদিও বৰ্তমান পৰিস্থিতি “অতি প্ৰতিকূল”। আজি অত্যন্ত গৰম আৰু জুইৰ আশংকা বেছি, যাৰ বাবে নিৰ্বাপিত প্ৰচেষ্টা অত্যন্ত কঠিন হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
