• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > জলবায়ু পৰিৱৰ্তন আৰু খাদ্য সংকটৰ দৰে প্ৰত্যাহ্বানসমূহ একেলগে মোকাবিলা কৰিব লাগিব: ওম বিৰলা
International

জলবায়ু পৰিৱৰ্তন আৰু খাদ্য সংকটৰ দৰে প্ৰত্যাহ্বানসমূহ একেলগে মোকাবিলা কৰিব লাগিব: ওম বিৰলা

CliQ INDIA
Last updated: October 12, 2025 9:40 am
CliQ INDIA
Share
3 Min Read
SHARE

বাৰ্বাডোছ, ১১ অক্টোবৰ (হি.স.)। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে জলবায়ু পৰিৱৰ্তন, মহামাৰী, খাদ্য অসুৰক্ষিততা, আৰু বৈষম্যৰ দৰে বিশ্ব সংকটে সীমা অতিক্ৰম কৰি সামূহিক সমাধানৰ প্ৰয়োজন। এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ তেওঁ সামূহিক প্ৰচেষ্টাক আহ্বান জনায় আৰু বিচ্ছিন্নভাৱে সমাধান বিচাৰি উলিয়াব নোৱাৰি বুলিও গুৰুত্ব আৰোপ কৰে।

বাৰ্বাডোছত অনুষ্ঠিত হোৱা ৬৮ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনৰ সাধাৰণ পৰিষদত কমনৱেলথ – এ গ্ল’বেল পাৰ্টনাৰ শীৰ্ষক বিষয়বস্তুৰ ওপৰত প্ৰতিনিধিসকলক সম্বোধন কৰিছিল বিৰলাই। তেওঁ কয় যে ভাৰত গণতন্ত্ৰ আৰু সমতাৰ সজীৱ নিদৰ্শন, আৰু বিগত ৭৫ বছৰ ধৰি সংবিধানখন দেশৰ বাবে এক পথ প্ৰদৰ্শক পোহৰ হৈ আহিছে। গণতন্ত্ৰ ভাৰতৰ আত্মা, সমতা ইয়াৰ সংকল্প, আৰু ন্যায় ইয়াৰ পৰিচয়।

বিৰলাই খাদ্য আৰু স্বাস্থ্য সুৰক্ষাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্বৰ বাবে খাদ্য আৰু পুষ্টি সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ এক নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপে ভাৰতৰ ভূমিকাক আলোকপাত কৰে। ক’ভিড-১৯ মহামাৰীৰ সময়ত ভাৰতৰ উল্লেখযোগ্য অৱদানৰ কথা উল্লেখ কৰি তেওঁ উল্লেখ কৰে যে ১৫০খনতকৈও অধিক দেশলৈ ঔষধ আৰু ভেকচিন যোগান ধৰি ভাৰতে প্রমাণ কৰিছে যে স্বাস্থ্য যে এক অধিকাৰ, বিশেষ সুবিধা নহয় ৷

বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে ভাৰতৰ মৰ্যাদাক আলোকপাত কৰি বিৰলাই গৌৰৱেৰে উল্লেখ কৰে যে ভাৰতে সময়সীমাৰ আগতেই পেৰিছ চুক্তিৰ লক্ষ্য পূৰণ কৰা প্ৰথমখন বৃহৎ দেশ হিচাপে পৰিগণিত হৈছে। ইণ্টাৰনেশ্যনেল ছ’লাৰ এলায়েন্স আৰু ক’লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ দৰে পদক্ষেপৰ জৰিয়তে ভাৰতে গ্ৰহটোৰ প্ৰতি বিশ্বব্যাপী দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

মহিলা সৱলীকৰণৰ দিশত ভাৰতৰ প্ৰচেষ্টাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি বিৰলাই পঞ্চায়তীৰাজৰ প্ৰতিষ্ঠান আৰু নগৰীয়া স্থানীয় সংস্থাসমূহত মহিলাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থাৰ কথা উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে গ্ৰাম্য পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহত ৩১ লাখ নিৰ্বাচিত প্ৰতিনিধিৰ ভিতৰত ১৪ লাখতকৈ অধিক মহিলা।

ভাৰতৰ প্ৰাচীন গণতান্ত্ৰিক ঐতিহ্যৰ কথা উল্লেখ কৰি বিৰলাই কয় যে ভাৰতীয় গণতন্ত্ৰৰ মনোভাৱ ইয়াৰ প্ৰাচীন সভ্যতা, সংস্কৃতি, আৰু গ্ৰাম পঞ্চায়ত ব্যৱস্থাৰ মাজত শিপাই আছে। তেওঁ কয় যে আলোচনা, সহমত, সামূহিক সিদ্ধান্ত গ্ৰহণৰ পৰম্পৰাই ভাৰতক বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক শক্তি হিচাপে গঢ়ি তুলিছে।

বিৰলাই কমনৱেলথ দেশসমূহৰ বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰি কয় যে বিভিন্ন ভাষা কোৱা, বিভিন্ন পৰম্পৰা পালন কৰা, আৰু বিভিন্ন ভৌগোলিক স্থানত বাস কৰাৰ পিছতো কমনৱেলথৰ নাগৰিকসকল গণতন্ত্ৰ, স্বাধীনতা আৰু মানৱ মৰ্যাদাৰ ভাগ-বতৰা কৰা মূল্যবোধৰ দ্বাৰা একেলগে বান্ধ খাই আছে। তেওঁ দৃঢ়তাৰে কয় যে কমনৱেলথ কেৱল জাতিসমূহৰ এটা গোট নহয়; ই হৈছে এক সমূহীয়া ইতিহাস, ভাগ কৰা মূল্যবোধ আৰু ভাগ-বতৰা কৰা ভৱিষ্যতৰ বাবে এক সামূহিক দৃষ্টিভংগীৰ দ্বাৰা বান্ধ খাই থকা পৰিয়াল। এই যাত্ৰাত ভাৰত সক্ৰিয় অংশগ্ৰহণকাৰী হৈ থাকিব বুলি তেওঁ আশ্বাস দিয়ে।

এই সুযোগতে বিৰলাই অহা বছৰৰ ৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া আগন্তুক চি এছ পি অ’ চিত অংশগ্ৰহণৰ বাবে কমনৱেলথ দেশসমূহৰ সংসদৰ প্ৰিজাইডিং বিষয়াসকলক আমন্ত্ৰণ জনায় ।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

তাৰিকে ঢাকাত উপস্থিত হৈ কয়, “ধন্যবাদ অধ্যাপক মহম্মদ ইউনুছ”
গাজাপট্টীপত টেংকৰ গৰ্জন, ইজৰাইল আৰু হামাছৰ মাজত ভয়ানক যুদ্ধ
ইথিওপিয়াত প্ৰতিধ্বনিত বন্দে মাতৰম ধ্বনি…, প্ৰধানমন্ত্ৰী মোদীয়ে অভিবাদন জনাই জোকাৰিলে হাত
ইৰাণৰ আক্ৰমণ: ইজৰাইলৰ ডিমোনা পাৰমাণৱিক কেন্দ্ৰৰ ওচৰত, বিশ্বজুৰি পাৰমাণৱিক যুদ্ধৰ আশংকা বৃদ্ধি
নেপালী ছোৱালীৰ বুকুত ধপঢপাইছে এগৰাকী ভাৰতীয় হৃদয়

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article লংকাত ড্ৰাগছ সহ তিনি সৰবৰাহকাৰী আটক
Next Article ক’ভিডৰ সময়ত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ১১ জন চৰকাৰী কৰ্মচাৰীৰ পৰিয়াললৈ এক কোটি টকাকৈ সাহায্য প্ৰদান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?