নতুন দিল্লী, ২৮ নৱেম্বৰ (হি.স.) এইচ ডি এফ চি বেংকৰ স্থায়ী জমা (ফিক্সড ডিপ’জিট)ৰ ওপৰত সুদৰ হাৰ সংশোধন কৰিছে।
এইচ ডি এফ চি বেংকে নন-উইথড্ৰেৱেবল ফিক্সড ডিপ’জিট (এফ ডি)ৰ সুতৰ হাৰ সংশোধন কৰিছে। এইচ ডি এফ চি বেংকৰ অফিচিয়েল ৱেবছাইট অনুসৰি এই জমা ধনৰ সুতৰ হাৰ ২৭ নৱেম্বৰ ২০২৩ৰ পৰা কাৰ্যকৰী হৈছে। নন-উইথড্ৰেৱেবল এফডিসমূহৰ কোনো আগতীয়াকৈ উলিওৱাৰ সুবিধা নাই।
শেহতীয়া সংশোধনৰ পিছত এইচ ডি এফ চি বেংকে এতিয়া এবছৰৰ পৰা দুবছৰৰ বাবে সৰ্বোচ্চ সুদ ৭.৪৫%, আৰু দুবছৰৰ পৰা দহ বছৰৰ বাবে ৭.২% সুদ আগবঢ়াইছে।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
