কুৱেটা (বেলুচিস্তান), ২৩ অক্টোবৰ (হি.স.): পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশত নিৰ্মাণ কোম্পানীৰ ৯ জন বিষয়াক অপহৰণ কৰা হয়। এই ঘটনাই ইছলামাবাদত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। সেনাই অঞ্চলটো ঘেৰাও কৰি অপহৃত বিষয়াসকলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। বৰ্তমানলৈ তেওঁলোকৰ সন্ধান পোৱা নাই।
দ্য বেলুচিস্তান পোষ্ট (পষ্টো ভাষা)ত প্ৰকাশিত এক বাতৰি অনুসৰি বুধবাৰে মাষ্টুং জিলাত সংঘটিত হয় এই ঘটনা। অস্ত্ৰধাৰীয়ে বলপূৰ্বক অপহৰণ কৰিলে নিৰ্মাণ কোম্পানীৰ ৯ জন বিষয়াক। এই কাণ্ডৰ পিছতে একাংশ অস্ত্ৰধাৰীয়ে কালাটৰ মাংছাৰ অঞ্চলৰ কুৱেটা-কাৰাচি মূল ঘাইপথ অৱৰোধ কৰি বাহন তালাচী চলায়।
সূত্ৰৰ পৰা জানিব পৰা মতে, এঘণ্টাৰো অধিক সময় অৱৰোধ অব্যাহত থকাৰ সময়তে বন্দুকৰ গুলী আৰু বিস্ফোৰণৰ শব্দ শুনা যায়। পাকিস্তানী নিৰাপত্তা বাহিনীয়ে অপহৰণৰ পিছতে অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।
মস্তুং আৰক্ষীয়ে জনোৱা মতে, অপহৃত ব্যক্তিকেইজন পঞ্জাৱ আৰু সিন্ধ প্ৰদেশৰ। আৰক্ষী বিষয়াসকলে জনোৱা মতে, তেওঁলোকে চৰকাৰী প্ৰকল্প এটাত কাম কৰি থকাৰ সময়তে হঠাতে অস্ত্ৰধাৰী লোক আহি প্ৰকল্পস্থলীটো ঘেৰি ধৰিলে আৰু তাৰ পিছত বিষয়াসকলক অজ্ঞাত স্থানলৈ লৈ যায়।
অপহৰণকাৰীৰ সন্দৰ্ভত এতিয়াও কোনো সবিশেষ প্ৰকাশ কৰা নাই বিষয়াসকলে।
हिन्दुस्थान समाचार / অৰৱিন্দ
