নতুন দিল্লী, ২৩ অক্টোবৰ (হি স)। অহা বৰ্ষৰ ২০২৬ চনৰ শীতকালীন অলিম্পিকৰ বাবে শিখা বাহক (Torch-bearer) হিচাপে নিৰ্বাচিত হৈছে অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী অভিনৱ বিন্দ্ৰা।
২০২৬ চনৰ ৬ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ ইটালীৰ মিলান আৰু কৰ্টিনা ডি আম্পেজ’ত অনুষ্ঠিত হ’ব এই ক্ৰীড়া প্ৰতিযোগিতা।
ছ’চিয়েল মিডিয়াত নিজৰ সন্তুষ্টিৰ প্ৰকাশ কৰি অভিনৱ বিন্দ্ৰাই লিখিছে, মিলানো-কৰ্টিনা ২০২৬ অলিম্পিক শিখা দৌৰৰ বাবে শিখা বাহক হিচাপে নিৰ্বাচিত হোৱাটো সঁচাকৈয়ে এক গৌৰৱৰ কথা। অলিম্পিক শিখা সদায় মোৰ হৃদয়ৰ ওচৰত আছিল—ই ক্ৰীড়াৰ জৰিয়তে সপোন, অধ্যৱসায়, আৰু বিশ্বব্যাপী ঐক্যৰ প্ৰতীক। ইয়াক পুনৰ কঢ়িয়াই অনাটো এক সন্মান আৰু প্ৰেৰণা দুয়োটা। এই আচৰিত সন্মানৰ বাবে মিলানো-কৰ্টিনা ২০২৬লৈ ধন্যবাদ।
উল্লেখ্য যে ২০০৮ চনৰ বেইজিং অলিম্পিকত ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ভাৰতৰ হৈ বিন্দ্ৰাই স্বৰ্ণ পদক অৰ্জন কৰিছিল।
ইটালীত এইবাৰকে ধৰি চতুৰ্থবাৰৰ বাবে শীতকালীন অলিম্পিক অনুষ্ঠিত হ’ব। এই সংস্কৰণত ১৬টা শাখাত মুঠ ১১৬টা পদক ইভেণ্ট অনুষ্ঠিত হ’ব, যিটো ২০২২ চনৰ বেইজিঙৰ তুলনাত ৭টা ইভেণ্ট আৰু এটা নতুন শাখা বৃদ্ধি পাব।
हिन्दुस्थान समाचार / অৰৱিন্দ
