ঢাকা, ০২ নৱেম্বৰ (হি.স.)। বাংলাদেশৰ ছাইমা ৱাজেদ বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়া অঞ্চলৰ আঞ্চলিক সঞ্চালক হিচাপে নিৰ্বাচিত হৈছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ কন্যা তথা মানসিক স্বাস্থ্য বিশেষজ্ঞ ছাইমা ৱাজেদে এই পদৰ আনজন প্ৰাৰ্থী বিশ্ব স্বাস্থ্য সংস্থাৰ জ্যেষ্ঠ বিষয়া তথা নেপালৰ ডাঃ শম্ভু প্ৰসাদ আচাৰ্যক পৰাস্ত কৰে। ১ ফেব্ৰুৱাৰীত চাৰি বছৰৰ বাবে এই পদৰ দায়িত্ব ল’ব ৱাজেডে। নতুন দিল্লীত দক্ষিণ-পূব এছিয়া অঞ্চলৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক সমিতিৰ ৭৬ সংখ্যক অধিৱেশনৰ বন্ধ অধিৱেশনৰ সময়ত সদস্য ৰাষ্ট্ৰসমূহে ভোটদান কৰে। ৱাজেদৰ সপক্ষে ৮টা ভোট দিয়াৰ বিপৰীতে শম্ভু প্ৰসাদ আচাৰ্যই দুটা ভোট লাভ কৰে।
বিশ্ব স্বাস্থ্য সংস্থাটোৰ এক বিবৃতিত কোৱা হৈছে যে ২২ৰ পৰা ২৭ জানুৱাৰীলৈ জেনেভাত অনুষ্ঠিত হ’বলগীয়া ১৫৪ সংখ্যক অধিৱেশনৰ সময়ত বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যবাহী ব’ৰ্ডৰ সন্মুখত এই মনোনয়ন দাখিল কৰা হ’ব। উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক সঞ্চালক নিৰ্বাচনত দক্ষিণ-পূব এছিয়াৰ ১১খন দেশ – বাংলাদেশ, ভূটান, ভাৰত, দক্ষিণ কোৰিয়া, ইণ্ডোনেছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, শ্ৰীলংকা, থাইলেণ্ড আৰু পূব টিমৰৰ স্বাস্থ্য মন্ত্ৰীসকলে গোপনে ভোটদান কৰে। এই পদত উপনীত হোৱা ছাইমা ৱাজেদ হৈছে বাংলাদেশৰ দ্বিতীয়জন প্ৰতিনিধি । ইয়াৰ পূৰ্বে বাংলাদেশৰ চৈয়দ মুদাছাৰ আলীয়ে এই পদত অধিষ্ঠিত হৈছিল। নিৰ্বাচনী ইস্তাহাৰত কয় যে স্থানীয় বাস্তৱতাৰ সৈতে সংযুক্ত স্থানীয় স্বাস্থ্য সমাধানৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা পন্থাক সমৰ্থন কৰিব। ভাৰতে ছাইমা ৱাজেদৰ সপক্ষে ভোটদান কৰিছিল বুলি ধাৰণা কৰা হৈছে। ভোটদানৰ পূৰ্বে ৱাজেদে ইণ্ডোনেছিয়া আৰু ভাৰত ভ্ৰমণ কৰিছিল। জি-২০ সন্মিলনৰ সময়ত মাতৃ শ্বেখ হাছিনাৰ সৈতেও নতুন দিল্লীলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। কিন্তু নিৰ্বাচনৰ পূৰ্বে ৱাজেদৰ বিৰুদ্ধে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অভিযোগ উত্থাপন কৰি স্বচ্ছ ভোটদান প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি ডব্লিউ এইচ অ’লৈ এখন পত্ৰ লিখা হৈছিল।
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ/অৰবিন্দ
