নতুন দিল্লী, ০২ নৱেম্বৰ । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আজি (বৃহস্পতিবাৰ) বলবৎকাৰী সঞ্চালকালয়ৰ মুখ্য কাৰ্যালয়ত হাজিৰ হোৱাৰ সম্ভাৱনা আছে। দিল্লী সুৰা নীতিৰ কেলেংকাৰিৰ সন্দৰ্ভত তেওঁক সোধা-পোছাৰ বাবে মাতি পঠিওৱা হৈছে। ইতিমধ্যে দিল্লী সুৰা নীতিত সংঘটিত কেলেংকাৰিৰ বাবে ৰাজ্যখনৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া আৰু আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেতা সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰা হৈছে। এনে পৰিস্থিতিত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ হ’ব পাৰে বুলি আশংকা কৰিছে আপৰ নেতাসকলে। ইফালে আজি (বৃহস্পতিবাৰ) পুৱাৰে পৰা ইডিয়ে দিল্লী চৰকাৰৰ মন্ত্ৰী ৰাজকুমাৰ আনন্দৰ ঘৰত অভিযান চলাইছে। সূত্ৰ অনুসৰি পুৱা ৬ বজাৰ পৰা ৰাজকুমাৰ আনন্দৰ সৈতে জড়িত ৯ টা স্থানত বিভিন্ন ইডি দলে অভিযান চলাই আছে। এই অভিযানৰ সৈতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জেৰা আৰু সম্ভাৱ্য গ্ৰেপ্তাৰৰ সৈতেও জড়িত হৈ আছে।
একে সময়তে সংসদত প্ৰশ্ন কৰাৰ বাবে ধন লোৱাৰ বিষয়ত আজি তৃণমূল কংগ্ৰেছৰ মহুৱা মৈইত্ৰক হাজিৰ হ’বলৈও সংসদৰ এথিক্স (নৈতিকতা) সমিতিয়ে নিৰ্দেশ দিছে। যদিও মহুৱাই কিছুদিন পিছত হাজিৰ হোৱাৰ অনুৰোধ কৰিছিল, সংসদৰ এথিক্স সমিতিয়ে বিষয়টোৰ গুৰুত্ব বিবেচনা কৰি আৰু বেছি সময় দিবলৈ অস্বীকাৰ কৰিছিল। সূত্ৰৰ উদ্ধৃতি দি লগতে কোৱা হৈছে যে সাংসদগৰাকীৰ লগইন আইডিৰ সবিশেষ উলিওৱা হৈছিল, যাৰ পৰা বুজা যায় যে তেওঁ ইয়াৰ খোলাৰ অধিকাৰ ডুবাইৰ ব্যৱসায়ী দৰ্শন হিৰণানন্দনীক দিছিল। ডুবাইত মহুৱা মৈইত্ৰাৰ সংসদৰ আনুষ্ঠানিক আইডি এবাৰ বা দুবাৰ নহয় ৪৭ বাৰ ডুবাইৰ আইপি ঠিকনাত খুলিছিল। এই কথা ৰাজহুৱা কৰাৰ পিছত সকলোৰে দৃষ্টি আজি ইডিৰ সন্মুখত মহুৱাৰ উপস্থিতিৰ ওপৰত নিবদ্ধ হৈ পৰিছে।
