চণ্ডীগড়, ০৯ নৱেম্বৰ (হি.স.)। শুল্ক বিভাগে বুধবাৰে নিশা অমৃতসৰ বিমানবন্দৰত এজন যাত্ৰীৰ পৰা ৬৪১ গ্ৰাম সোণ উদ্ধাৰ কৰে । এই সোণৰ চালান এটা বৈদ্যুতিক মটৰৰ অতিৰিক্ত অংশত লুকুৱাই অনা হৈছিল, যাৰ মূল্য প্ৰায় এক কোটি টকা বুলি কোৱা হৈছে।
কাষ্টমছৰ এয়াৰ ইনটেলিজেন্স উইংৰ তথ্য অনুসৰি ডুবাইৰ পৰা অমৃতসৰলৈ আহিছিল এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানখন। অমৃতসৰ বিমানবন্দৰত স্কেনিং কৰাৰ সময়ত কাষ্টমছে বেগত এটা মটৰ উদ্ধাৰ কৰে। এই মটৰটো পৰীক্ষা কৰাৰ সময়ত তাত সোণৰ আঙঠি আৰু অন্যান্য গহনা পোৱা গৈছিল। এই সোণটো অনা ব্যক্তিজনৰ হাতত এই সোণৰ কোনো বিল ইত্যাদিও নাছিল। আৰক্ষীয়ে যাত্ৰীজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অধিক ব্যৱস্থা আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ
