ইছলামাবাদ, ২১ অক্টোবৰ (হি.স.)। পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন)ৰমুৰব্বী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে ব্ৰিটেইনত চাৰি বছৰ আত্মনিৰ্বাসন কৰি শনিবাৰে বিয়লি দেশলৈ উভতি আহে। প্ৰাক্তন আইন মন্ত্ৰী আজম তাৰাৰ আৰু দলৰ নেতাসকলে তেওঁক বিমানবন্দৰত আদৰণি জনায়। ইয়াৰ মাজতে নৱাজে নিজৰ জামিন নামাত চহী কৰে। এই তথ্য সংবাদ মাধ্যমৰ বাতৰিত দিয়া হৈছে।
তেওঁ ডুবাইৰ পৰা বিশেষ বিমানযোগে ইয়াত উপস্থিত হৈছে। পাকিস্তানলৈ যোৱাৰ পূৰ্বে নৱাজ শ্বৰীফে ডুবাই বিমানবন্দৰত সাংবাদিকসকলৰ আগত দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে ২০১৭ চনৰ তুলনাত পাকিস্তানৰ পৰিস্থিতি বহু বেছি অৱনতি ঘটিছে। নৱাজ শ্বৰীফে আস্থা প্ৰকাশ কৰে যে পাকিস্তান মুছলিম লীগ-নৱাজে নগদ ধনৰ অভাৱত ভোগা দেশখনক বৰ্তমানৰ সংকটৰ পৰা উলিয়াই আনিবলৈ সক্ষম।
উল্লেখযোগ্য যে দেশ এৰি যোৱাৰ পূৰ্বে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে তেওঁক অযোগ্য ঘোষণা কৰিছিল আৰু পিছত তেওঁক দুটা দুৰ্নীতিৰ গোচৰত জবাবদিহি কৰি দোষী ঘোষণা কৰিছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
