নতুন দিল্লী, ২১ অক্টোবৰ (হি.স.)। ব্যক্তিগত খণ্ডৰ কোটক মহিন্দ্ৰা বেংকে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিক (জুলাই-ছেপ্টেম্বৰ)ৰ ফলাফল ঘোষণা কৰিছে। জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত বেংকটোৰ লাভ ২৪ শতাংশ বৃদ্ধি পাই ৩১৯১ কোটি টকা হয়। বিগত বছৰৰ একে সময়ছোৱাত স্বতন্ত্ৰ ভিত্তিত বেংকটোৰ নিকা লাভৰ পৰিমাণ আছিল ২৫৮১ কোটি টকা।
শনিবাৰে শ্বেয়াৰ বজাৰক দিয়া তথ্যত বেংকটোৱে কয় যে চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ৰ দ্বিতীয় ত্ৰৈমাসিকত বেংকটোৰ লাভ ২৪ শতাংশ বৃদ্ধি পাই ৩১৯১ কোটি টকা হৈছে। বিগত বৰ্ষৰ একে সময়ছোৱাত বেংকটোৰ নিকা লাভৰ পৰিমাণ আছিল ২৫৮১ কোটি টকা। কোটাক মহিন্দ্ৰাই কয় যে মূল ব্যৱসায়ৰ পৰা উন্নত আয় আৰু বেয়া ঋণ হ্ৰাস পোৱাৰ বাবে বেংকৰ প্ৰদৰ্শন উন্নত হৈছে।
এই সময়ছোৱাত বেংকটোৰ মুঠ আয় ১৩,৫০৭ কোটি টকা হোৱাৰ বিপৰীতে যোৱা বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত ৯,৯২৫ কোটি টকা। ২০২২ চনৰ জুলাই-ছেপ্টেম্বৰ মাহত বেংকটোৰ নিকা সুতৰ আয় ২৩ শতাংশ বৃদ্ধি পাই ৬২৯৭ কোটি টকা হয়। একেদৰে বেংকটোৰ নিকা সুতৰ মাৰ্জিনও ৫.২২ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে যোৱা বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত ৫.১৭ শতাংশ আছিল।
ইয়াৰ উপৰিও সম্পত্তিৰ মানদণ্ডৰ ক্ষেত্ৰতো বেংকৰ প্ৰদৰ্শন উন্নত হৈছে। যোৱা বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ২.০৮ শতাংশৰ তুলনাত বেংকটোৰ মুঠ নন-পাৰফৰ্মিং এচেটছ (এনপিএ) মুঠ ঋণৰ ১.৭২ শতাংশলৈ হ্ৰাস পাইছে। একেদৰে কোটক মহিন্দ্ৰা বেংকৰ নেট এনপিএও ০.৩৭ শতাংশলৈ হ্ৰাস পাইছে, যিটো এবছৰৰ পূৰ্বে ০.৫৫ শতাংশ আছিল। বেংকটোৰ মূলধন পৰ্যাপ্ততাৰ অনুপাত আছিল ২১.৭ শতাংশ।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ/মনোজ/অৰবিন্দ
