টেল আভিভ (ইজৰাইল), ২১ আগষ্ট (হি.স.)। গাজা চহৰত আক্ৰমণ কৰিবলৈ সাজু হৈছে ইজৰাইল। ইজৰাইলৰ নিৰাপত্তা বাহিনীৰ জোৱানসকলে উপকণ্ঠ অঞ্চলত উপস্থিত হৈছে। কালি ইজৰাইলৰ বিষয়াসকলে কয় যে সেনাবাহিনীয়ে গাজা চহৰ দখলৰ পৰিকল্পনাৰে আগবাঢ়িছে। প্ৰায় দুবছৰীয়া যুদ্ধৰ পাছতো চহৰখন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ সন্ত্ৰাসবাদী সংগঠন হামাছৰ দুৰ্গ হৈয়েই আছে।
ইজৰাইলৰ এজন জ্যেষ্ঠ সামৰিক বিষয়াৰ উদ্ধৃতি দি নিউয়ৰ্ক টাইমছে কয় যে সৈনিকসকলে চহৰখনৰ বাহিৰৰ অঞ্চলত উপস্থিত হৈছে। সামৰিক অভিযান আৰম্ভ হোৱাৰ পিছত স্থানচ্যুত হ’বলগীয়া লোকসকলৰ বাবে দক্ষিণ গাজাত তম্বু স্থাপন কৰা হৈছে। এই পৰিকল্পনাত জোৱানসকলে চেকপইণ্টৰ মাজেৰে বলপূৰ্বকভাৱে দক্ষিণলৈ গৈ চহৰখন ঘেৰি ধৰিব, জনসাধাৰণক সন্ত্ৰাসবাদীৰ পৰা মুক্ত কৰিব, আৰু হামাছৰ যোদ্ধাক বন্দী কৰিব। গাজা চহৰলৈ প্ৰেৰণ কৰা জোৱানক সহায়ৰ বাবে প্ৰায় ৬০ হাজাৰ সংৰক্ষিত জোৱানক সাজু কৰি ৰখা হৈছে। বৰ্তমান ২০ হাজাৰ জোৱানক আগুৱাই যাবলৈ নিৰ্দেশ দিয়া হৈছে।
এই প্ৰস্তুতি আৰম্ভ হৈছিল যেতিয়া প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৱে হামাছৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত সন্মতি দিয়াৰ কথা বিবেচনা কৰিছে। ইজৰাইলৰ পণবন্দীসকলৰ পৰিয়াল চিন্তিত। এই আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই হামাছে তেওঁলোকক হত্যা কৰিব বুলি পৰিয়ালকেইটাই বিশ্বাস কৰে। ইফালে কঠোৰ সোঁপন্থী নেতাসকলে নেতানিয়াহুৱে যুদ্ধবিৰতিৰ প্ৰস্তাৱ মানি ল’লে চৰকাৰ এৰিব বুলি হুংকাৰ দিছে।
ইফালে আইডিএফে এক্স পোষ্টত সামৰিক প্ৰস্তুতি নিশ্চিত কৰিছে। আইডিএফে জনোৱা মতে, গাজাৰ ৭৫ শতাংশতকৈ অধিক অঞ্চলত সৈন্যই কাৰ্যকৰী নিয়ন্ত্ৰণ লাভ কৰিছে। হামাছৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিত আঘাত হানিছে কমাণ্ড পাৱাৰ দুৰ্বল হৈ পৰিছে। নিজৰ কাম-কাজ সম্প্ৰসাৰণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে আইডিএফ।
এনবিচি নিউজ চেনেলৰ তথ্য অনুসৰি ইজৰাইলে গাজা চহৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিবলৈ হাজাৰ হাজাৰ সংৰক্ষিত জোৱান প্ৰেৰণ কৰিছে। মহানগৰীৰ উপকণ্ঠ অঞ্চলত বসবাস কৰা প্ৰায় দহ লাখ লোকক দক্ষিণ দিশলৈ ঠেলিবলৈ আৰম্ভ কৰিছে জোৱানসকলে। এই সকলোবোৰ এনে এটা সময়ত হৈছে যেতিয়া ফ্ৰান্স, যুক্তৰাজ্য আৰু কানাডাকে ধৰি আমেৰিকাৰ কিছুমান ঘনিষ্ঠ মিত্ৰ দেশে কয় যে তেওঁলোকে পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিয়া ১৪৫খনতকৈও অধিক দেশত যোগদান কৰিব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
