
ৱাশ্বিংটন/তেহৰাণ, ২৩ জুন (হি.স.)। ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত দেওবাৰে আমেৰিকাৰ বিমান আক্ৰমণৰ পিছতে বিশ্বৰ বহু দেশে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইৰাণৰ পাৰমাণৱিক উচ্চাকাংক্ষাক লৈ একাংশ দেশে উদ্বেগ প্ৰকাশ কৰাৰ বিপৰীতে বেছিভাগ দেশেই আঞ্চলিক উত্তেজনা হ্ৰাস কৰি পুনৰ আলোচনালৈ ঘূৰি আহিবলৈ আবেদন জনাইছে।
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে এই পৰিস্থিতিক “অতি চিন্তনীয়” বুলি অভিহিত কৰি কয় যে এই সংঘাত দ্ৰুতগতিত নিয়ন্ত্ৰণৰ বাহিৰ হ’ব পাৰে আৰু ইয়াৰ প্ৰভাৱ সাধাৰণ নাগৰিক, সমগ্ৰ অঞ্চল আৰু বিশ্বক প্ৰভাৱিত কৰিব পাৰে। তেওঁ স্পষ্টভাৱে কৈছিল, এই সংকটৰ কোনো সামৰিক সমাধান নাই, কূটনীতিই একমাত্ৰ উপায়।
ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে কয় যে ইৰাণে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ লাভ নকৰাটো বিশ্ব নিৰাপত্তাৰ বাবে অতি প্ৰয়োজনীয়। তেওঁ আমেৰিকাৰ আক্ৰমণক সমৰ্থন কৰা নাছিল যদিও ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক “গুৰুতৰ ভাবুকি” বুলি অভিহিত কৰে। তেওঁ আঞ্চলিক স্থিতিশীলতাৰ বাবে আলোচনাক অগ্ৰাধিকাৰ দিছিল।
ৰাছিয়াই এই আক্ৰমণক “তীব্ৰ নিন্দা” কৰি আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা বুলি অভিহিত কৰে। ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ উপ-সভাপতি দিমিত্ৰী মেডভেডেভে দাবী কৰে যে কিছুমান দেশ ইৰাণক পাৰমাণৱিক অস্ত্ৰ দিবলৈ সাজু আৰু আমেৰিকাৰ আক্ৰমণে ইৰাণৰ পাৰমাণৱিক উচ্চাকাংক্ষাক ৰোধ কৰিব নোৱাৰে।
ইৰাকে আমেৰিকাৰ এই কাৰ্যক আঞ্চলিক শান্তিৰ বাবে “গুৰুতৰ ভাবুকি” বুলি অভিহিত কৰি যিকোনো এখন দেশৰ সীমাৰ বাহিৰলৈও এই সংঘাত বিয়পিব পাৰে বুলি সকীয়াই দিয়ে।
ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিচিয়ে মধ্যপ্ৰাচ্যত সংঘাতৰ সম্প্ৰসাৰণৰ ফলত “গুৰুতৰ পৰিণতি” হ’ব পাৰে বুলি কয় আৰু শান্তি আলোচনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ছৌদি আৰবে আমেৰিকাৰ আক্ৰমণক লৈ “গুৰুতৰ উদ্বেগ” প্ৰকাশ কৰিছিল যদিও মুকলিকৈ গৰিহণা দিয়া নাছিল। বৈদেশিক মন্ত্ৰালয়ে সকলো পক্ষকে সংযম ৰাখিবলৈ আৰু উত্তেজনা বৃদ্ধি নকৰিবলৈ আহ্বান জনায়।
কাটাৰে যুদ্ধৰ অৱস্থাৰ বাবে দুখ প্ৰকাশ কৰি কয় যে “অঞ্চলটোৰ জনসাধাৰণে আৰু মানৱীয় সংকট সহ্য কৰিব নোৱাৰে”।
ইৰাণ সমৰ্থক হাউথী বিদ্ৰোহী আৰু হামাছে আমেৰিকাৰ এই কাৰ্যক “ইছলামিক বিশ্বৰ ওপৰত জায়নিষ্ট-আমেৰিকান অহংকাৰ” বুলি অভিহিত কৰি “জেহাদ আৰু প্ৰতিৰোধ”ৰ আহ্বান জনায়।
লেবাননৰ ৰাষ্ট্ৰপতি জোচেফ আউনে সকীয়াই দিছে যে আমেৰিকাৰ আক্ৰমণে “এখন এনে অঞ্চলীয় যুদ্ধ আৰম্ভ কৰিব পাৰে যি কোনো দেশেই সহ্য নকৰিব।”
পাকিস্তানে আমেৰিকাৰ এই কাৰ্যক গভীৰভাৱে বিৰক্তিকৰ বুলি অভিহিত কৰি আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰা বুলি কয়। চৰকাৰে এক বিবৃতি প্ৰকাশ কৰি কয় যে ইৰাণৰ আত্মৰক্ষাৰ অধিকাৰ আছে।
চীনেও আমেৰিকাৰ এই কাৰ্যক গৰিহণা দি কয় যে ইয়াৰ দ্বাৰা মধ্যপ্ৰাচ্যত উত্তেজনা আৰু অধিক বৃদ্ধি পাব। চীনে যুদ্ধবিৰতি আৰু আলোচনাৰ বাবে আবেদন জনায়।
ইউৰোপীয় ইউনিয়নৰ বৈদেশিক নীতিৰ মুৰব্বী কাজা কালাছে কয় যে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ অনুমতি নিদিয়াটো গুৰুত্বপূৰ্ণ যদিও সংযম আৰু কূটনীতি একমাত্ৰ বিকল্প। একে সময়তে ইউৰোপীয় ইউনিয়নৰ সদস্য দেশ ইটালী, আয়াৰলেণ্ড আৰু ইউৰোপীয় পৰিষদৰ মুৰব্বীয়ে এই আক্ৰমণক “বিপজ্জনক আৰু অস্থিৰতা সৃষ্টিকাৰী পদক্ষেপ” বুলি অভিহিত কৰে।
আয়াৰলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী চাইমন হেৰিছে কয় যে “এতিয়া এই সংঘাত যিকোনো সময়তে নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে।”
লেটিন আমেৰিকাৰ দেশ ভেনিজুৱেলা, কলম্বিয়া, চিলি আৰু মেক্সিকোৱে আমেৰিকাৰ এই পদক্ষেপক “অবৈধ আৰু বিপজ্জনক” বুলি অভিহিত কৰিছে।
আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মেইলীয়ে এই আক্ৰমণক সমৰ্থন কৰি লিখিছে, “সন্ত্ৰাসবাদ – কেতিয়াও নহয়।”
জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই প্ৰত্যক্ষ সমৰ্থন পৰিহাৰ কৰি শান্তি আৰু পাৰমাণৱিক অস্ত্ৰ বন্ধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
