গাজাপট্টী, ০২ ডিছেম্বৰ (হি.স.)। গাজাপট্টীত যুদ্ধবিৰতি ভংগ হোৱাৰ অষ্টম দিনৰ পৰাই স্থলভাগত টেংক আৰু আকাশত পুনৰ ৰকেট আৰু মিছাইল গৰ্জন কৰিব ধৰিছে। পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠনটোৱে যুদ্ধবিৰতি উলংঘা কৰাৰ পিছত আৰম্ভ হোৱা এই সংঘৰ্ষ গোটেই নিশাটো অব্যাহত থাকে। আজি (শনিবাৰ) পুৱাও বহু অঞ্চলত ইজৰাইলৰ নিৰাপত্তা বাহিনী আৰু হামাছৰ সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হৈছে।
দ্য টাইমছ অৱ ইজৰাইল কাকতৰ মতে, যুদ্ধবিৰতি ভংগ হোৱাৰ পিছত দক্ষিণ গাজাত নিশাটোৰ ভিতৰতে তীব্ৰ যুদ্ধ সংঘটিত হয়। ইয়াৰ উপৰিও ইজৰাইলৰ জেট বিমানে দামাস্কাছৰ সমীপত আক্ৰমণ চলাইছে। ইয়াৰ ফলত তাত বিপুল ক্ষতি হৈছে। গাজাত হামাছ আৰু অন্যান্য সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে ইজৰাইল সেনাই আগ্ৰাসী স্থিতি গ্ৰহণ কৰিছে। পেলেষ্টাইন এনক্লেভৰ দক্ষিণ অংশত এতিয়াও গুলীচালনা চলি আছে।
এই কাকতখনৰ তথ্য অনুসৰি খান ইউনিছ আৰু ৰাফাহ অঞ্চলতো তীব্ৰ যুঁজ চলি আছে। খান ইউনিছত উপস্থিত আছে হামাছৰ দুৰ্ধৰ্ষ সেনাপতি। ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে গাজা চহৰ আৰু বেইট লাহিয়াত ঘেৰাও কটকটীয়া কৰিছে। ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে খান ইউনিছৰ জনসাধাৰণক অনতিপলমে সেই অঞ্চল এৰি যাবলৈ সকীয়াই দিছে।
এই সমগ্ৰ কাণ্ডৰ ওপৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) এক্সত কয় যে আইডিএফে হামাছ বন্দী হোৱাৰ পৰা পণবন্দীসকলক মুক্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ২৪ ঘণ্টাৰ ভিতৰতে গাজাত হামাছৰ অপাৰেচনেল কমাণ্ড চেণ্টাৰ ধ্বংস কৰা হয়। এই ভূগৰ্ভস্থ কেন্দ্ৰসমূহৰ পৰাই হামাছৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল। ইজৰাইলৰ স্থল আৰু বায়ুসেনাৰ আক্ৰমণত হামাছৰ যথেষ্ট লোকচান হৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
