ধুবুৰী, ০২ ডিছেম্বৰ (হি স)। দুগ্ধ উৎপাদন পাম স্থাপন কৰি স্বাৱলম্বী হৈ পৰিছে বিলাসীপাৰাৰ বগৰীবাৰী আঢ়াইআনি ২য় খণ্ডৰ এজন উদ্যমী শিক্ষিত যুৱক । চৰকাৰী চাকৰি এটাৰ পিচে পিচে দৌৰা দৌৰি নকৰি নিজাববীয়াকৈ দুগ্ধ উৎপাদন পাম খুলি মনোনিৱেশ কৰিছে স্ব-নিয়োজনত । প্ৰতি দিনে তিনিশৰ পৰা চাৰিশ লিটাৰ কৈ গাখীৰ উৎপাদন কৰি আহিছে যুৱক জনে ।
খানাবাৰী আঢ়াইআনি ২য় খণ্ড গাঁৱৰ মানৱ ঘোষ নামৰ শিক্ষিত যুৱক জনে অতি কষ্টৰ মাধ্যমেৰে কেইটা মান অতি উন্নত জাতৰ গাই গৰু ক্ৰয় কৰি আৰম্ভ কৰিছিল নিজৰ দুগ্ধ ব্যৱসায় । পৰবৰ্তী সময়ত এপাৰ্ট (APART)ৰ অধীনত দুগ্ধ উৎপাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰি বৰ্তমান ৪০/৪৫ টা গীৰ, ছাইৱাল, জাৰ্ছি, হলেষ্টন আদি উন্নত প্ৰজাতিৰ গাই গৰু ক্ৰয় কৰি নিজৰ দুগ্ধ উৎপাদন পাম খন চলাই আহিছে ।
চৰকাৰী কোনো সহায় অবিহনে ব্যৱসায় কৰা যুৱক জনে বহু বাৰ আবেদন নিবেদন কৰিও বেংক আদিৰ পৰা কোনো ঋণ লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব দিয়ে যুৱ ব্যৱসায়ী জনে । তদুপৰি প্ৰতি বছৰে চিকিৎসাৰ অভাৱত চাৰি পাঁচটা কৈ গাই গৰুৰ মৃত্যু হোৱাত বিপাঙত পৰিছে যুৱ ব্যৱসায়ী জনে । অৱশ্য়ে এই ক্ষেত্ৰত স্থানীয় পশু চিকিৎসকৰ পৰা কোনো সু পৰামৰ্শ নোপোৱাৰো অভিযোগ উঠিছে।
আনহাতে নতুন কৈ গাই গৰু ক্ৰয় কৰিব হ’লে বহি:ৰাজ্যৰ পৰা গৰু আনিব লাগে যদিও গো সুৰক্ষা আইনৰ বাবে আনিব পৰা নাই উন্নত জাতৰ গৰু । এই ক্ষেত্ৰত ধুবুৰী জিলা আয়ুক্তৰ ওচৰত আবেদন নিবেদন কৰি কোনো সুফল নোপোৱাৰ অভিযোগ কৰিছে দুগ্ধ ব্যৱসায়ীগৰাকীয়ে। এইক্ষেত্ৰত পশু চিকিৎসা বিভাগ খানাপাৰাৰ লগতে এপাৰ্ট, বিশ্ব বেংক আদিৰ পৰা বেষ্ট ডাইৰি ফাৰ্মাৰ হিচাপে বহু কেইটা প্ৰমাণপত্ৰ লাভ কৰা যুৱ ব্যৱসায়ী জনে চৰকাৰৰ পৰা সহায় বিচাৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
