টেল আভিভ, ০৬ আগষ্ট (হি.স.)। ইজৰাইল চৰকাৰে গাজা পট্টীৰ সেই ২৫ শতাংশ অঞ্চলত সেনা নিয়োগ কৰাৰ কথা চিন্তা কৰিছে, যিটো এতিয়াও ইয়াৰ নিয়ন্ত্ৰণত নাই। কিন্তু সামৰিক নেতৃত্ব আৰু দেশৰ অধিকাংশ জনসাধাৰণে এই সম্ভাৱ্য পদক্ষেপক লৈ চিন্তিত যে ইয়াৰ ফলত হামাছৰ হাতত থকা বাকী থকা পণবন্দীসকলক মুকলি কৰি দিয়াৰ সম্ভাৱনা দুৰ্বল হ’ব পাৰে।
ইজৰাইলৰ এজন জ্যেষ্ঠ বিষয়াৰ মতে, এই সিদ্ধান্ত চূড়ান্ত কৰাৰ পূৰ্বে এই সপ্তাহত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে নিজৰ নিৰাপত্তা মন্ত্ৰীসভাৰ বৈঠক আহ্বান কৰিব পাৰে। মঙলবাৰে নেতান্যাহুৱে তিনি ঘণ্টীয়া নিৰাপত্তা বৈঠক অনুষ্ঠিত কৰে, য’ত আইডিএফ (ইজৰাইল প্ৰতিৰক্ষা বাহিনী)ৰ মুৰব্বী ইয়াল জমিৰে সামৰিক বিকল্প দাঙি ধৰে।
নিৰাপত্তা মন্ত্ৰীসভাৰ যিকোনো সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ সাজু বুলি স্পষ্ট কৰি দিছে আইডিএফে।
আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা হেঁচা
গাজাত প্ৰায় দুবছৰীয়া যুদ্ধক লৈ ইজৰাইলৰ ওপৰত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় হেঁচা বৃদ্ধি পাইছে। ইজৰাইলে খাদ্য যোগানৰ ওপৰত নিষেধাজ্ঞা আৰু যুদ্ধৰ ফলত হোৱা বিধ্বংসী পৰিস্থিতিয়ে গাজাত অনাহাৰৰ আশংকা বৃদ্ধি কৰিছে বুলি ৰাষ্ট্ৰসংঘই সকীয়াই দিছে। জুলাইৰ শেষৰ ফালে ইজৰাইলে ৰাষ্ট্ৰসংঘ আৰু এন জি অ’ৰ জৰিয়তে মানৱীয় সাহায্য বিতৰণৰ সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। মঙলবাৰে চৰকাৰে খাদ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰীৰ বাণিজ্যিক সুবিধাৰ ক্ষেত্ৰত আৰু কিছু শিথিলতা ঘোষণা কৰে যদিও কঠোৰ নিৰাপত্তা পৰীক্ষাৰ অধীনত থাকিব।
টেৰিটৰীজত চৰকাৰী কাৰ্য্যকলাপৰ সমন্বয়ক (কোগেট)য়ে কয় যে এতিয়া স্থানীয় ব্যৱসায়ীসকলে গাজালৈ সীমিত পৰিমাণৰ খাদ্য সামগ্ৰী আনি বজাৰত বিক্ৰী কৰিব পাৰিব। জুলাই মাহৰ মাজভাগত দৈনিক গড়ে ৩০খন সাহায্য সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক আহিছিল যদিও এই সংখ্যা এতিয়া ১৮৫খন ট্ৰাকত উপনীত হৈছে।
ঘৰুৱা ৰাজনীতিত পাৰ্থক্য
সামৰিক নেতৃত্বই এই নতুন সামৰিক পদক্ষেপক লৈ সন্দেহ প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে সেনাই চৰকাৰৰ ৰাজনৈতিক নীতি ৰূপায়ণ কৰিব লাগে আৰু তেওঁ যাতে সেয়া হোৱাটো নিশ্চিত কৰিব।
একে সময়তে নেতানিয়াহুৰ মিত্ৰজোঁটৰ চৰকাৰৰ কঠোৰ সদস্য ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰী ইতামাৰ বেন গভিৰে আইডিএফৰ মুৰব্বী ইয়াল জামিৰক সমালোচনা কৰি কয় যে তেওঁ চৰকাৰৰ নিৰ্দেশ মানি চলিবলৈ স্পষ্টভাৱে প্ৰতিশ্ৰুতিবদ্ধ হ’ব লাগে।
বিৰোধী নেতা তথা আইডিএফৰ প্ৰাক্তন মুৰব্বী বেনি গেণ্টজে জামিৰৰ ওপৰত কৰা আক্ৰমণক দায়িত্বহীন বুলি অভিহিত কৰে।
মন কৰিবলগীয়া যে ২০২৩ চনৰ অক্টোবৰ মাহত হামাছে সংঘটিত কৰা আক্ৰমণত অপহৰণ হোৱাসকলৰ ভিতৰত ৫০ জন পণবন্দী এতিয়াও হামাছৰ জিম্মাত আছে, ইয়াৰে মাত্ৰ ২০ জনহে জীয়াই থকাৰ সম্ভাৱনা আছে। জনসাধাৰণ আৰু সামৰিক নেতৃত্বৰ এক বৃহৎ অংশই বিশ্বাস কৰে যে গাজাৰ আৰু গভীৰতালৈ সামৰিক পদক্ষেপে এই পণবন্দীসকলক মুকলি কৰি দিয়াৰ সম্ভাৱনা আৰু অধিক হ্ৰাস কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
