তেহৰাণ (ইৰাণ)/তেল আভিভ (ইজৰাইল), ২১ জুন (হি.স.)। ইৰাণ আৰু ইজৰাইলৰ মাজত সামৰিক সংঘাত নৱম দিনত প্ৰৱেশ কৰাৰ লগে লগে আজি অধিক আক্ৰামক হৈ পৰে। দুয়োখনে দেশেই ইখনে সিখনৰ ওপৰত মিছাইল নিক্ষেপ কৰিছে। ইয়াৰ ফলত ইৰাণৰ দুজন শীৰ্ষ কমাণ্ডাৰ নিহত হয়। ইৰাণে দাবী কৰিছে যে ইজৰাইলৰ বেন গুৰিয়ান বিমানবন্দৰ আৰু সামৰিক কেন্দ্ৰসমূহৰ বৃহৎ ক্ষতি হৈছে।
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এক্স হেণ্ডেলত ঘোষণা কৰিছে যে ইছলামিক ৰিভল্যুচন গাৰ্ডছ কৰ্পছ (আইআৰজিচি)ৰ কুদছ ফৰ্চৰ অস্ত্ৰ স্থানান্তৰ ইউনিটৰ অধিনায়ক বেহনাম শ্বাহৰিয়াৰীক পশ্চিম ইৰাণত ধৰাশায়ী কৰা হৈছে। ইয়াৰ বাহিৰেও কুদছ বাহিনীৰ পেলেষ্টাইন কৰ্পছৰ অধিনায়ক ছইদ ইজাদীও নিহত হয়। আই ডি এফে কয় যে ইৰাণ শাসনে ইজৰাইল ধ্বংস কৰাৰ পৰিকল্পনাৰ মূল স্থপতি হৈ আহিছে ছইদ। শ্বাহৰিয়াৰীয়ে আগতে মধ্যপ্ৰাচ্যত নিজৰ অপাৰেটিভসকলক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ ব্যৱস্থা কৰিছিল। আই ডি এফে কয় যে ছইদ ইজাদীক ক’ম চহৰত সংঘটিত কৰা আক্ৰমণত নিহত হয়। আগতে ছইদে হামাছক আৰ্থিক সাহায্য আগবঢ়াইছিল।
ইৰাণৰ চৰকাৰী সংবাদ সংস্থা মেহৰে প্ৰকাশ কৰা অনুসৰি আজি ইজৰাইলৰ বেন গুৰিয়ান বিমানবন্দৰ আৰু সামৰিক কেন্দ্ৰত আক্ৰমণ কৰা হৈছে। বেলিষ্টিক মিছাইল আক্ৰমণত বিমানবন্দৰৰ এটা অংশ ক্ষতিগ্ৰস্ত হয়। আই আৰ জি চিয়ে জনোৱা মতে, আজি একেলগে ১৩৬টা মিছাইল আৰু ড্ৰ’ন আক্ৰমণ কৰা হয়। এই আক্ৰমণত বেন গুৰিয়ান বিমানবন্দৰ আৰু সামৰিক অপাৰেচনেল লজিষ্টিক চেণ্টাৰৰ পূৰ্বনিৰ্ধাৰিত লক্ষ্য সফলতাৰে ধ্বংস কৰা হয়।
আমেৰিকাৰ নিউজ চেনেল চিএনএনৰ বাতৰি অনুসৰি কূটনৈতিক প্ৰচেষ্টাত কোনো অৰ্থপূৰ্ণ অগ্ৰগতিৰ কোনো লক্ষণ দেখা পোৱা নাই। ইৰাণৰ এজন বিষয়াই কয় যে যেতিয়া ইজৰাইলে ইৰাণক আক্ৰমণ কৰা বন্ধ কৰিব তেতিয়াহে ইৰাণে আমেৰিকাৰ আলোচনালৈ ঘূৰি আহিব। জেনেভাত সংঘাত হ্ৰাস কৰাৰ বাবে শুকুৰবাৰে ইউৰোপৰ শীৰ্ষ কূটনীতিবিদসকলে ইৰাণৰ সমকক্ষৰ সৈতে বৈঠকত মিলিত হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
