ৱাশ্বিংটন, ১৭ ডিছেম্বৰ (হি.স.)। গাজাপট্টীত ইজৰাইলৰ নিৰাপত্তা বাহিনী আৰু পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ মাজত সংঘটিত হোৱা যুদ্ধত আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাৰ ঠিকাদাৰ ৩৩ বছৰীয়া হানি জেনা আৰু তেওঁৰ পত্নী আৰু দুগৰাকী কন্যাৰ মৃত্যুক লৈ মানৱীয় আৰু উন্নয়ন কৰ্মীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে আৰু ।
আমেৰিকাৰ আগশাৰীৰ কাকত দ্য ৱাশ্বিংটন পোষ্টৰ মতে, হানি জেনা গাজাপট্টীৰ আল ছাব্ৰাত পৰিয়ালৰ সৈতে বাস কৰিছিল বুলি আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাই প্ৰকাশ কৰিছে। যোৱা ৫ নৱেম্বৰত ইজৰাইলৰ আক্ৰমণত জেনা আৰু তেওঁৰ পৰিয়াল নিহত হৈছিল। মৃত্যুৰ পূৰ্বে ৩৩ বছৰীয়া হানি জেনাই ৱেষ্টবেংকৰ সহকৰ্মীসকললৈ প্ৰেৰণ কৰা বাৰ্তাত কয় যে মোৰ ছোৱালীকেইজনীয়ে ভয় খাইছে। মই সিহঁতক শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিছো। কিন্তু এই বোমা বৰ্ষণ ভয়ংকৰ।
দ্য ৱাশ্বিংটন পোষ্টৰ মতে, গাজাপট্টীত দুমাহ ধৰি চলি থকা সংঘাতৰ সময়ত হানি জেনাকে ধৰি শতাধিক মানৱীয় আৰু উন্নয়ন কৰ্মীৰ মৃত্যু হৈছে বুলি ইউএছএআইডিয়ে প্ৰকাশ কৰিছে। এয়া চিন্তা আৰু ক্ষোভৰ বিষয়। ইউ এছ এ আই ডিয়ে কয় যে গাজাপট্টীত চলি থকা ৰক্তপাতৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি জো বাইডেনে শীঘ্ৰে হস্তক্ষেপ কৰিব লাগে। অসামৰিক ৰক্তপাত সীমিত কৰিবলৈ বাইডেন প্ৰশাসনে ইজৰাইলৰ ওপৰত হেঁচা বৃদ্ধি কৰিব লাগে।
ইউএছএআইডিৰ তথ্য অনুসৰি ৭ অক্টোবৰৰ পৰা গাজাত ১৩৫ জন ৰাষ্ট্ৰসংঘৰ সাহায্য কৰ্মী নিহত হৈছে। সংগঠনটোৰ ৭৮ বছৰীয়া ইতিহাসৰ যিকোনো একক সংঘাততকৈ এই সংখ্যা অধিক। একেদৰে ছেভ দ্য চিলড্ৰেনৰ দৰে ডাঙৰ ডাঙৰ সাহায্য গোটেও লোকচানৰ সন্মুখীন হৈছে। মঙলবাৰে ইউএছএআইডিয়ে জনোৱা মতে, ১০ ডিছেম্বৰত ইজৰাইলৰ বিমান আক্ৰমণত তেওঁলোকৰ সংগঠনৰ আন ১০ জন সদস্যও নিহত হৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
