ঢাকা, ২৪ নৱেম্বৰ (হি.স.)। বাংলাদেশ নেচেনেলিষ্ট পাৰ্টিৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াক দেওবাৰে নিশা ৰাজধানী চহৰখনৰ এভাৰকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। তেওঁৰ হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ সংক্ৰমণ হৈছে। বৰ্তমান এভাৰকেয়াৰত চিকিৎসাৰ নিবিড় তত্বাৱধানত আছে। খালেদাৰ ব্যক্তিগত চিকিৎসক অধ্যাপক জাহিদ হুছেইনে এই কথা নিশ্চিত কৰিছে। তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদাই তেওঁৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ দেশবাসীক আহ্বান জনাইছে।
দ্য ডেইলী ষ্টাৰ আৰু ঢাকা ট্ৰিবিউনত প্ৰকাশিত বাতৰি অনুসৰি তেওঁৰ চিকিৎসা চোৱাচিতা কৰা মেডিকেল ব’ৰ্ডৰ সদস্য অধ্যাপিকা ডাঃ এফ এম ছিদ্দিকিয়ে কয় যে বিগত কেইমাহমানৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী সঘনাই অসুস্থ হৈ পৰি আহিছিল। দেওবাৰে একেলগে কেইবাটাও সমস্যাৰ সৃষ্টি হয়। যোৱা নিশা এভাৰকেয়াৰত সাংবাদিকৰ আগত তেওঁ কয় যে তেওঁৰ বুকুৰ সংক্ৰমণ হৈছে। ডাঃ ছিদ্দিকীয়ে কয় যে খালেদাৰ দীৰ্ঘদিনীয়া হৃদযন্ত্ৰৰ সমস্যা আছিল।
তেওঁ কয় যে বেগম খালেদাৰ স্থায়ী পেচমেকাৰ আছে, পূৰ্বে ষ্টেণ্টিং কৰা হৈছে আৰু মাইট্ৰেল ষ্টেনোচিছ হৈছে। ডাঃ ছিদ্দিকিয়ে কয়, এই সকলোবোৰৰ বাবেই বুকুৰ সংক্ৰমণে একেলগে তেওঁৰ হৃদযন্ত্ৰ আৰু হাওঁফাওঁ দুয়োটাকে প্ৰভাৱিত কৰিছিল। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসৰ তীব্ৰ সমস্যা হৈছিল। সেইবাবেই আমি তেঁওক ইয়ালৈ সোনকালে আনিছিলো।
ডাঃ ছিদ্দিকিয়ে কয়, আমি লগে লগে সকলো প্ৰয়োজনীয় পৰীক্ষা কৰিলোঁ আৰু প্ৰাৰম্ভিক প্ৰতিবেদনৰ ভিত্তিত সমগ্ৰ মেডিকেল ব’ৰ্ডখনে একত্ৰিত হ’ল। আমি এন্টিবায়টিক আৰম্ভ কৰিছো আৰু সকলো প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰিছো। তেওঁৰ ওপৰত তীক্ষ্ণ পৰ্যবেক্ষণ আছে। পৰৱৰ্তী ১২ ঘণ্টা অতি গুৰুত্বপূৰ্ণ। খালেদা জিয়াক নিশা প্ৰায় ৮ বজাত ভৰ্তি কৰোৱা হৈছিল। তেওঁ বৰ্তমান অধ্যাপক চাহাবুদ্দিন তালুকদাৰৰ তত্বাৱধানত আছে।
ভৰ্তি হোৱাৰ পিছতে অধ্যাপক তালুকদাৰৰ অধ্যক্ষতাত চিকিৎসা ব’ৰ্ডৰ এখন বৈঠক অনুষ্ঠিত হয়। সভাত অধ্যাপক ছিদ্দিকী, ড° জাফৰ ইকবাল, ড° জিয়াউল হক, ড° মামুন আহমেদ, অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ জেনেৰেল ছাইফুল ইছলাম উপস্থিত থাকে। লণ্ডনৰ ডাঃ জুবাইদা ৰহমান আৰু আমেৰিকাৰ জনছ হপকিন্স হাস্পতালৰ কেইবাজনো বিশেষজ্ঞই ভাৰ্চুৱেলি যোগদান কৰে।
অধ্যাপক ছিদ্দিকীয়ে কয় যে ব’ৰ্ডৰ সৰ্বসন্মতিক্ৰমে লোৱা সিদ্ধান্ত অনুসৰি তেওঁৰ চিকিৎসা আৰম্ভ হৈছে। অধ্যাপক জাহিদ হুছেইনে কয় যে ব’ৰ্ডে অতি সাৱধানতাৰে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয়, আমি সকলোকে আশ্বস্ত কৰিব বিচাৰো যে সঠিক পদক্ষেপ লোৱা হৈছে। আমি পৰিস্থিতিক বেছি চিন্তনীয় বুলি নাভাবো। ইফালে ১২ ঘণ্টাৰ পিছত পুনৰ মেডিকেল ব’ৰ্ডৰ বৈঠক হ’ব বুলিও তেওঁ কয়। তেওঁৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি ব’ৰ্ডে সিদ্ধান্ত ল’ব যে চিকিৎসাৰ কোনো পৰিৱৰ্তনৰ প্ৰয়োজন আছে নে নাই।
জাহিদে কয় যে তাৰিক ৰহমান আৰু তেওঁৰ পত্নী জুবাইদা ৰহমানে খালেদা জিয়াৰ অৱস্থা সন্দৰ্ভত লণ্ডনৰ পৰা অহৰহ যোগাযোগ চলি আছে। খালেদাৰ প্ৰয়াত পুত্ৰ আৰাফাত ৰহমান কোকোৰ পত্নী ছায়েদা ছামিলা ৰহমানো চিকিৎসালয়খনত উপস্থিত আছে। জাহিদে কয় যে খালেদা জিয়াই তেওঁৰ আৰোগ্যৰ বাবে ৰাষ্ট্ৰক প্ৰাৰ্থনা কৰিবলৈ কৈছে। ৭৯ বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী দীৰ্ঘদিন ধৰি বাতবিষ, ডায়েবেটিছ, বৃক্ক, হাওঁফাওঁ, চকু, আৰু অন্যান্য দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত হৈ আছে। চলিত বৰ্ষৰ ৭ জানুৱাৰীত উন্নত চিকিৎসাৰ বাবে লণ্ডনলৈ গৈছিল আৰু ৬ মে’ত ঢাকালৈ উভতি আহে।
हिन्दुस्थान समाचार / অৰৱিন্দ
