বেইজিং, ২৯ জুলাই (হি.স.)। চীনৰ ৰাজধানী বেইজিঙত হোৱা ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত ৩০ জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে ৮০ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। মঙলবাৰলৈকে এই প্ৰচণ্ড বৰষুণ অব্যাহত থাকিব বুলি বেইজিং বতৰ বিজ্ঞান সেৱাই পূৰ্বানুমান কৰিছে। যাৰ বাবে পৰিস্থিতি আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে।
গ্ল’বেল টাইমছৰ তথ্য অনুসৰি বেইজিঙত হোৱা প্ৰবল বৰষুণৰ ফলত বিপুল ক্ষতি হৈছে। এই দুৰ্যোগৰ ফলত সমগ্ৰ চহৰখনত মুঠ ৩০ জন লোকৰ মৃত্যু হয়, য’ত মিয়ুন জিলাৰ ২৮ জন আৰু য়াংকিং জিলাৰ ২ জন লোকৰ মৃত্যু হয়। ইয়াৰ লগে লগে বেইজিঙৰ বানপানীত আবদ্ধ হৈ থকা মুঠ ৮০,৩৩২ জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। মিয়ুন, হুয়াইৰৌ আৰু ফাংছান তিনিখন জিলাত সৰ্বাধিক লোকক স্থানান্তৰিত কৰা হৈছে।
মিয়ুন আৰু হুয়াইৰৌ জিলাৰ ভয়াৱহ বানপানীৰ ফলত হোৱা প্ৰচণ্ড জীৱন আৰু সা-সম্পত্তিৰ ক্ষতিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উন্নয়ন আৰু সংস্কাৰ আয়োগে কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ পৰা তাৎক্ষণিকভাৱে ২০ কোটি ইউয়ান (২৭.৯ মিলিয়ন ডলাৰ) ধন আবণ্টন দিছে যাতে বেইজিঙক জৰুৰীকালীন পুনসংস্থাপন প্ৰচেষ্টাত সহায় কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
