জাকাৰ্টা, ০৩ অক্টোবৰ (হি.স.)। ইণ্ডোনেছিয়াৰ ইষ্ট জাভা দ্বীপত এটা ছাত্ৰাবাসৰ ভৱন ভাঙি মৃত্যু হোৱা লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে উদ্ধাৰকাৰীয়ে এতিয়াও ধ্বংসাৱশেষত আবদ্ধ ছাত্ৰ-ছাত্ৰীক বিচাৰি আছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, উদ্ধাৰকাৰীয়ে ধ্বংসাৱশেষৰ পৰা অধিক মৃতদেহ উদ্ধাৰ কৰাৰ লগে লগে এতিয়ালৈকে ৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে, আনহাতে আন কেইবাজনো ছাত্ৰ এতিয়াও সন্ধানহীন হৈ আছে। সোমবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।
ইফালে, ধ্বংসাৱশেষত আবদ্ধ হৈ থকা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীক উদ্ধাৰৰ বাবে ২৪ ঘণ্টাই উদ্ধাৰকাৰী দলে কাম কৰি আছে। আৱদ্ধ হৈ থকাসকলৰ অধিকাংশই ছাত্ৰ-ছাত্ৰী। স্থানীয় কৰ্তৃপক্ষই উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰাৰ বাবে অতিৰিক্ত সম্পদ সংগ্ৰহ কৰিছে।
ইফালে ইণ্ডোনেছিয়া চৰকাৰে ক্ষতিগ্ৰস্ত অঞ্চলটোলৈ চিকিৎসাৰ সুবিধা আৰু অস্থায়ী আশ্ৰয় শিবিৰকে ধৰি জৰুৰী সহায়ৰ কথা ঘোষণা কৰিছে। এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
