ৱাশ্বিংটন, ১৯ অক্টোবৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই তেওঁক “অবৈধ ড্ৰাগছৰ নেতা” বুলি অভিহিত কৰে আৰু ঘোষণা কৰে যে আমেৰিকাই কলম্বিয়াক আৰু কোনো বৃহৎ আৰ্থিক ধন বা ৰাজসাহায্য প্ৰদান নকৰে।
ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম “ট্ৰুথ ছ’চিয়েল”ত লিখিছে যে এই ড্ৰাগছ উৎপাদনৰ উদ্দেশ্য হৈছে আমেৰিকাত বৃহৎ পৰিমাণে বিক্ৰী কৰা, যিয়ে ইয়াত মৃত্যু, ধ্বংস আৰু বিশৃংখলতাৰ সৃষ্টি কৰিছে। তেওঁ কয় যে আমেৰিকাৰ কৰদাতাৰ ধনেৰে এনে দেশক সহায় কৰাটো “সম্পূৰ্ণ প্ৰৱঞ্চনা”। ট্ৰাম্পে কয় যে পেট্ৰ’ এজন অবৈধ ড্ৰাগছৰ নেতা যিয়ে বৃহৎ পৰিসৰত ড্ৰাগছ উৎপাদনক প্ৰচাৰ কৰি আছে। আমেৰিকাই আৰু কলম্বিয়াক কোনো ধৰণৰ পেমেণ্ট বা ৰাজসাহায্য প্ৰদান নকৰে। অৱশ্যে ট্ৰাম্পে নিজৰ বিবৃতিত স্পষ্ট কৰা নাই যে তেওঁ কি কি পেমেণ্ট বা সাহায্যৰ কথা উল্লেখ কৰিছে। ৱাশ্বিংটনত থকা কলম্বিয়াৰ দূতাবাসৰ পৰা এতিয়ালৈকে কোনো তাৎক্ষণিক সঁহাৰি পোৱা নাই।
ট্ৰাম্পৰ পুনৰ নিৰ্বাচিত হোৱাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত সম্পৰ্ক তিক্তপূৰ্ণ হৈ আছে। যোৱা মাহত আমেৰিকাই নিউয়ৰ্কত পেলেষ্টাইন সমৰ্থক প্ৰতিবাদত অংশগ্ৰহণ কৰি ট্ৰাম্পৰ নিৰ্দেশ অমান্য কৰিবলৈ আমেৰিকাৰ সৈন্যক আহ্বান জনোৱাৰ পিছত ৰাষ্ট্ৰপতি পেট্ৰ’ৰ ভিছা বাতিল কৰিছিল।
যোৱা বছৰ পেট্ৰ’ই সামাজিক আৰু সামৰিক সংস্কাৰৰ জৰিয়তে কোকা খেতি কৰা অঞ্চলত ড্ৰাগছৰ ব্যৱসায় ৰোধ কৰাৰ পৰিকল্পনা কৰিছিল যদিও এই কৌশলে কোনো উল্লেখযোগ্য ফলাফল পোৱা নাই।
ছেপ্টেম্বৰ মাহত ট্ৰাম্প প্ৰশাসনে আফগানিস্তান, বলিভিয়া, বাৰ্মা, কলম্বিয়া, ভেনিজুৱেলা আদি দেশক নিলম্বন কৰিছিল। মাদক দ্ৰব্য বিৰোধী চুক্তি মানি চলাত ব্যৰ্থ হোৱা বুলি ঘোষণা কৰা হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
