কাঠমাণ্ডু, ১৯ ছেপ্টেম্বৰ (হি.স.)। নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে কয় যে জনসাধাৰণৰ কথা গুৰুত্বসহকাৰে শুনা আৰু তেওঁলোকৰ আৱেগক সন্মান কৰাটোৱেই গণতন্ত্ৰৰ আত্মা।
সংবিধান দিৱস উপলক্ষে টুণ্ডিখেলস্থিত সেনা মণ্ডপত আয়োজিত এক বিশেষ কাৰ্যসূচীত ভাষণ দি প্ৰধানমন্ত্ৰী কাৰ্কিয়ে গুৰুত্ব আৰোপ কৰে যে গণতান্ত্ৰিক ব্যৱস্থা হ’ল নাগৰিকৰ কথা শুনা। তেওঁ কয় যে সংবিধান দিৱস ফেডাৰেল ডেম’ক্ৰেটিক ৰিপাব্লিকৰ মূল্যায়নৰ সুযোগো। অতীতৰ সাফল্য আৰু অভাৱৰ কথা চিন্তা কৰি প্ৰধানমন্ত্ৰীয়ে অনাগত দিনত উন্নতিৰ সৈতে আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।
তেওঁ লগতে স্মৰণ কৰে যে ২০১৫ চনৰ আজিৰ দিনটোতে সংবিধান সভাৰ দ্বাৰা গৃহীত আৰু প্ৰণয়ন কৰা নেপালৰ সংবিধানখন নেপালী জনসাধাৰণৰ ত্যাগ, সংগ্ৰাম, আন্দোলনৰ ফল। তেওঁ জোৰ দি কয় যে ইয়াৰ সুৰক্ষা আৰু সফল ৰূপায়ণ সকলো নেপালীৰ সমূহীয়া দায়িত্ব।
हिन्दुस्थान समाचार
