ভূপালত, ২৩ জুন (হি.স.)। আজি ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ বলিদান দিৱস। ড° মুখাৰ্জী ভাৰতৰ অখণ্ডতা আৰু কাশ্মীৰৰ একত্ৰীকৰণৰ এক অটল সমৰ্থক আছিল। ৩৭০ নং অনুচ্ছেদৰ ৰাষ্ট্ৰ বিৰোধী বিধান আঁতৰাবলৈ হিন্দু মহাসভা আৰু ৰাম ৰাজ্য পৰিষদৰ সৈতে ভাৰতীয় জন সংঘৰ জৰিয়তে তেওঁ সত্যাগ্ৰহ আৰম্ভ কৰে।
১৯৫৩ চনৰ ২৩ জুনত গ্ৰেপ্তাৰৰ সময়তে প্ৰতিকূল পৰিস্থিতিত তেওঁৰ মৃত্যু হয়। প্ৰথমে জনসংঘ আৰু তাৰ পিছত ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁক প্ৰতি বছৰে মৃত্যু বাৰ্ষিকীত বলিদান দিৱস হিচাপে স্মৰণ কৰে। এনে পৰিপ্ৰেক্ষিতত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে তেওঁক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
মুখ্যমন্ত্রী ড০ মোহন যাদৱে ছ’চিয়েল মিডিয়াত লিখিছে, ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক, অতি শ্ৰদ্ধাৰ ড° শ্যামা প্ৰসাদ মুখাৰ্জী জীক তেওঁৰ শ্বহীদ দিৱসত শ্ৰদ্ধাঞ্জলি জনাইছো। যি সংকল্পৰ বাবে আপুনি এক অখণ্ড ভাৰতৰ বাবে আপোনাৰ সকলোখিনি উৎসৰ্গা কৰিছিল, সেই সংকল্প আজি ৰাষ্ট্ৰৰ পুনৰ্গঠনৰ সৈতে বাস্তৱায়িত হৈছে। আপোনাৰ তীক্ষ্ণ মত, চিন্তাধাৰা, সৰ্বাংগীন উন্নয়নৰ বাবে পথ প্ৰদৰ্শন, ভাৰত মাতৃৰ সেৱাৰ দিশ দেখুওৱা, জনকল্যাণ আৰু দুৰ্বল শ্ৰেণীৰ উত্থান, এক গৌৰৱময় ভাৰত সৃষ্টিৰ ভিত্তি।
উল্লেখযোগ্য যে ড° শ্যামা প্ৰসাদ মুখাৰ্জীয়ে জম্মু-কাশ্মীৰক ভাৰতৰ সম্পূৰ্ণ আৰু অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিব বিচাৰিছিল। সংসদত দিয়া ভাষণত তেওঁ ৩৭০ নং অনুচ্ছেদ বিলুপ্ত কৰাৰো তীব্ৰ পোষকতা কৰে। ১৯৫২ চনৰ আগষ্ট মাহত জম্মু-কাশ্মীৰত অনুষ্ঠিত এক বিশাল সমাৱেশত তেওঁ নিজৰ সংকল্প প্ৰকাশ কৰে যে হয় মই আপোনালোকক ভাৰতীয় সংবিধান দিম, নহয় এই উদ্দেশ্য পূৰণৰ বাবে মোৰ প্ৰাণ আহুতি দিম। নিজৰ সংকল্প পূৰণৰ বাবে ড০ মুখাৰ্জীয়ে ১৯৫৩ চনত অনুমতি পত্ৰ অবিহনে জম্মু-কাশ্মীৰ ভ্ৰমণলৈ ৰাওনা হয়। তাত উপস্থিত হোৱাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ল। ১৯৫৩ চনৰ ২৩ জুনত ৰহস্যজনক পৰিস্থিতিত কাৰাগাৰত মৃত্যু হয়। তেখেতৰ জেলত মৃত্যুৱে দেশ কঁপাই পেলায় আৰু অনুমতি ব্যৱস্থাৰ অন্ত পৰে। তেওঁ কাশ্মীৰ সন্দৰ্ভত এটা শ্লোগান দিছিল, “এখন দেশত দুখন সংবিধান, দুজন প্ৰধান আৰু দুখন পতাকা নচলিব”।
১৯০১ চনৰ ৬ জুলাই তাৰিখে ভাৰত মাতৃৰ এই বীৰ পুত্ৰৰ জন্ম হৈছিল এক সন্মানীয় পৰিয়ালত। তেওঁৰ পিতৃ ছাৰ আশুতোষ মুখাৰ্জী বংগত শিক্ষাবিদ আৰু বুদ্ধিজীৱী হিচাপে বিখ্যাত আছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ১৯২৩ চনত শ্ৰী মুখাৰ্জীয়ে চেনেটৰ সদস্য হয়। পিতৃৰ মৃত্যুৰ পিছত ১৯২৪ চনত তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে নামভৰ্তি কৰে। ১৯২৬ চনত ইংলেণ্ডলৈ ৰাওনা হয় আৰু ১৯২৭ চনত লিংকন ইনৰ পৰা বেৰিষ্টাৰ পৰীক্ষাত উত্তীৰ্ণ হয়। ৩৩ বছৰ বয়সত কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰি বিশ্বৰ আটাইতকৈ কম বয়সীয়া উপাচাৰ্য হিচাপে গৌৰৱ লাভ কৰে। শ্ৰী মুখাৰ্জীয়ে ১৯৩৮ চনলৈকে এই পদত অধিষ্ঠিত আছিল। তেওঁৰ কাৰ্যকালত তেওঁ বহু গঠনমূলক সংস্কাৰ সাধন কৰিছিল আৰু এই সময়ছোৱাত তেওঁ ‘ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বাংগালুৰুৰ আদালত আৰু পৰিষদ’ আৰু আন্তঃবিশ্ববিদ্যালয় ব’ৰ্ড (কোৰ্ট এণ্ড কাউন্সিল অফ ইণ্ডিয়ান ইনষ্টিটিউট অফ চাইন্স বেংগলোৰ তথা ইন্টাৰ ইউনিভাৰ্ছিটি বোৰ্ড)ৰ সক্ৰিয় সদস্যও আছিল।
কংগ্ৰেছৰ প্ৰাৰ্থী আৰু কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি হিচাপে বংগ বিধান পৰিষদৰ সদস্য নিৰ্বাচিত হৈছিল যদিও কংগ্ৰেছে বিধায়িনী দল বৰ্জনৰ সিদ্ধান্ত লোৱাৰ পিছত তেওঁ পদত্যাগ কৰে। পিছত ড° মুখাৰ্জীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হয়।
পণ্ডিত জৱাহৰলাল নেহৰুৱে তেওঁক উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে অন্তৱৰ্তীকালীন চৰকাৰত অন্তৰ্ভুক্ত কৰে। নেহৰু আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী লিয়াকত আলীৰ মাজত হোৱা চুক্তিৰ পিছত ১৯৫০ চনৰ ৬ এপ্ৰিলত তেওঁ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ-সংঘচালক গুৰু গোলৱালকাৰৰ লগত পৰামৰ্শ কৰি ১৯৫১ চনৰ ২১ অক্টোবৰত শ্ৰী মুখাৰ্জীয়ে ৰাষ্ট্ৰীয় জনসংঘ প্ৰতিষ্ঠা কৰে।
১৯৫১-৫২ চনৰ সাধাৰণ নিৰ্বাচনত ৰাষ্ট্ৰীয় জনসংঘৰ তিনিজন সাংসদ নিৰ্বাচিত হৈছিল, তাৰ ভিতৰত এজন আছিল ড° মুখাৰ্জী। ইয়াৰ পাছতে তেওঁ ৩২ জন লোকসভা আৰু ১০ জন ৰাজ্যসভাৰ সাংসদৰ সহযোগত সংসদৰ ভিতৰতে নেচনেল ডেম’ক্ৰেটিক পাৰ্টি গঠন কৰে। এজন দক্ষ ৰাজনীতিবিদ, পণ্ডিত আৰু স্পষ্টবাদী হিচাপে তেওঁক বন্ধু-বান্ধৱী আৰু শত্ৰুৱে একেদৰেই সন্মান কৰিছিল। এজন মহান দেশপ্ৰেমিক আৰু সংসদীয় ভদ্ৰলোক হিচাপে ভাৰতে তেওঁক সন্মানেৰে স্মৰণ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
