চাৰাজেভো, ১৮ জুলাই (হি.স.)। স্লোভেনিয়াই বৃহস্পতিবাৰে ইজৰাইলৰ দুজন উগ্ৰ মন্ত্ৰী ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰী ইটামাৰ বেন-গ্ভিৰ আৰু বিত্তমন্ত্ৰী বেজালেল স্মোট্ৰিচক “পাৰ্ছ’না নন গ্ৰেটা” (অবাঞ্চিত ব্যক্তি) হিচাপে ঘোষণা কৰে। ইউৰোপীয় সংঘৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে স্লোভেনিয়া। ইজৰাইলৰ ওপৰত পেলেষ্টাইনীসকলৰ বিৰুদ্ধে হিংসা আৰু উচটনি দিয়াৰ অভিযোগৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।
সংবাদমেলত এই তথ্য দি স্লোভেনিয়াৰ বৈদেশিক মন্ত্ৰী টানিয়া ফেয়নে কয় যে আজি আমাৰ চৰকাৰে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। আমি স্লোভেনিয়াত দুজন ইজৰাইলী মন্ত্ৰীক অবাঞ্চিত বুলি ঘোষণা কৰিছো। ইউৰোপীয় সংঘত এই ধৰণৰ প্ৰথমটো কাৰ্য্য।
চৰকাৰে প্ৰকাশ কৰা বিবৃতিটোত কয় যে দুয়োগৰাকী মন্ত্ৰীয়ে পশ্চিম তীৰত অবৈধ ইহুদী বসতি সম্প্ৰসাৰণ, পেলেষ্টাইনীসকলক বলপূৰ্বকভাৱে উচ্ছেদ কৰা আৰু অসামৰিক পেলেষ্টাইনী জনসাধাৰণৰ বিৰুদ্ধে হিংসাৰ সমৰ্থনত ৰাজহুৱা বক্তব্য প্ৰদান কৰি আহিছে।
ফাইননে কয় যে মঙলবাৰে ব্ৰাছেলছত ইউৰোপীয় ইউনিয়নৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত ইজৰাইলৰ বিৰুদ্ধে কোনো যৌথ ব্যৱস্থাৰ সিদ্ধান্ত ল’ব নোৱাৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। লগতে তেওঁ কয় যে অন্যান্য সম্ভাৱ্য ব্যৱস্থাও বিবেচনা কৰা হৈছে, কিন্তু এই মুহূৰ্তত বিতংভাৱে কোৱা নাই। এই সিদ্ধান্তক লৈ ইজৰাইল চৰকাৰৰ কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া হোৱা নাই। অৱশ্যে ইয়াৰ পূৰ্বে ইজৰাইলে গাজাত “গণহত্যাৰ অভিযোগ” নাকচ কৰিছিল। ইয়াৰ মতে তেওঁলোকৰ এই পদক্ষেপ আত্মৰক্ষাৰ বাবে কৰা হৈছে, বিশেষকৈ ২০২৩ চনৰ ০৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ পিছত, য’ত ১২০০ লোক নিহত হৈছিল আৰু ২৫১ জন লোকক পণবন্দী কৰি ৰখা হৈছিল।
মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ব্ৰিটেইন, নৰৱে, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু কানাডাইও ইজৰাইলৰ দুয়োজন মন্ত্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল, য’ত তেওঁলোকে পেলেষ্টাইনীসকলৰ বিৰুদ্ধে হিংসাৰ প্ৰচাৰ কৰা বুলি অভিযোগ কৰিছিল।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
