কুইটো (ইকুৱেডৰ), ০৫ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই বৃহস্পতিবাৰে ঘোষণা কৰিছে যে যুক্তৰাষ্ট্ৰে ইকুৱেডৰত থকা দুটা দুখন কুখ্যাত গেঙ ‘লছ লবছ’ (Los Lobos) আৰু ‘লছ চোনেৰ’ (Los Choneros)ক বিদেশী সন্ত্ৰাসবাদী সংগঠন বুলি তালিকাত সন্নিৱিষ্ট কৰিছে। এই পন্থা ট্রাম্পৰ প্ৰশাসনৰ দ্বাৰা মাদক কাৰ্টেল আৰু অপৰাধী গেঙসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হিচাপে ধৰা হৈছে।
ৰুবিঅ’ ইকুৱেডৰৰ ৰাজধানী কুইটোত উপস্থিত হয় আৰু তাতেই তেওঁ নেতাসকলক সাক্ষাৎ কৰে। এই সময়ত তেওঁ কয় যে এই পদক্ষেপে আমেৰিকা আৰু ইকুৱেডৰ চৰকাৰক এই গেংসমূহৰ বিৰুদ্ধে যৌথ ব্যৱস্থা গ্ৰহণৰ বহু বিকল্প প্ৰদান কৰিব, য’ত তেওঁলোকৰ নেতাক হত্যা কৰা, আমেৰিকাত তেওঁলোকৰ সম্পত্তি আৰু বেংক একাউণ্টৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা আৰু চোৰাংচোৱাৰ তথ্য ভাগ-বতৰা কৰা আদি অন্তৰ্ভুক্ত। এই গেংসমূহক “জন্তু, সন্ত্ৰাসবাদী” বুলি অভিহিত কৰি তেওঁ কয় যে, “এতিয়া আমি কেৱল নাওত থকা ড্ৰাগছ ব্যৱসায়ীক ধৰিবলৈ চেষ্টা নকৰো, কিন্তু ৰাষ্ট্ৰপতি (ট্ৰাম্পে) যুদ্ধ চলোৱাৰ কথা কৈছে কাৰণ এই গেংসমূহে আমাৰ বিৰুদ্ধে ৩০ বছৰ ধৰি যুদ্ধ চলাই আহিছে আৰু এতিয়ালৈকে কোনেও কোনো সঁহাৰি দিয়া নাই।”
এই ঘোষণাৰ পূৰ্বে শেহতীয়াকৈ আমেৰিকান সেনাই ভেনিজুৱেলাৰ ‘ট্ৰেন ডি আৰাগুয়া’ নামৰ গেংটোৰ কথিত ড্ৰাগছ সৰবৰাহকাৰী জাহাজখনক আক্ৰমণ কৰি ১১ জন লোকক হত্যা কৰিছিল। এই পদক্ষেপ লেটিন আমেৰিকাৰ দেশসমূহত আলোচনা আৰু চিন্তনীয় বিষয় হৈ পৰিছে। বহু দেশে আমেৰিকাক সকীয়াই দিছে যে সামৰিক হস্তক্ষেপ বৃদ্ধিৰ ফলত প্ৰতিক্ৰিয়া হ’ব পাৰে।
ইকুৱেডৰ শেহতীয়া বছৰবোৰত ড্ৰাগছ সৰবৰাহৰ এক প্ৰধান গন্তব্যস্থানত পৰিণত হৈছে। ইয়াত কল ৰপ্তানিৰ পাত্ৰ ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা হয়। মেক্সিকো, কলম্বিয়া আৰু বাল্কন দেশৰ কাৰ্টেলসমূহো ইয়াত সক্ৰিয়। লছ লোবছ আৰু লছ চনেৰ’ছৰ দৰে গেং কেৱল ড্ৰাগছ সৰবৰাহৰ বাবেই নহয়, কাৰাগাৰৰ ভিতৰত চুক্তিবদ্ধ হত্যা, ধন দাবী আৰু হিংসাৰ বাবেও কুখ্যাত। ২০২১ চনৰ পৰা কাৰাগাৰত শ শ কয়দীৰ মৃত্যু হৈছে।
ইকুৱেডৰৰ ৰাষ্ট্ৰপতি ডেনিয়েল নোব’য়াই আমেৰিকাক ধন্যবাদ জনাই কয় যে এই পদক্ষেপে তেওঁৰ দেশত সন্ত্ৰাসবাদী ভাবুকি দূৰ কৰাত সহায় কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
