
-হামাছ আক্ৰমণ বন্ধ কৰাৰ ক্ষেত্ৰত নিৰাপত্তাজনিত ত্ৰুটিৰ কথা স্বীকাৰ নেতানিয়াহুৰ
টেল আভিভ, ২৬ অক্টোবৰ (হি.স.)। যোৱা ২৪ ঘন্টাত গাজাত ইজৰাইলৰ বিমান আক্ৰমণত বহু সংখ্যক লোকৰ মৃত্যু হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এটা ডাঙৰ নিউজ চেনেলৰ সাংবাদিক ৱায়েল আল-দাহদৌহ আৰু তেওঁৰ কন্যাও এই আক্ৰমণত নিহত হয়। পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে এই আক্ৰমণত কমেও ২৫ জন লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে।
গাজাত ইজৰাইল সেনাৰ বোমাবৰ্ষণ অব্যাহত আছে। নিউজ চেনেলৰ এজন সাংবাদিককো আক্ৰমণৰ বলি হয়। ইজৰাইলৰ সতৰ্কবাণীৰ পিছতে এই পৰিয়ালটোৱে মধ্য গাজাৰ সুনিৰাট শিবিৰত আশ্ৰয় লৈছিল। ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে সকলো নাগৰিকক দক্ষিণ গাজাৰ দিশে আগবাঢ়ি যাবলৈ সকীয়াই দিছিল আৰু সেই নিশাই চুবুৰীটোত হোৱা বোমা বিস্ফোৰণত ভয় খাই সাংবাদিকগৰাকীয়ে পৰিয়ালৰ সৈতে নুছিৰাট শিবিৰত আশ্ৰয় লয়। এই শিবিৰটো বুধবাৰে নিশা ইজৰাইল সেনাই লক্ষ্য কৰি লৈছিল।
৭ অক্টোবৰত পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলত আক্ৰমণ কৰাৰ পিছত আৰম্ভ হোৱা সংঘাতত এতিয়ালৈকে গাজাত ৬৫৪৬ জন পেলেষ্টাইনী নিহত হৈছে। একে সময়তে ইজৰাইলত ১৪০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।
আনহাতে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰিছে যে ৭ অক্টোবৰত হামাছৰ আক্ৰমণ বন্ধ কৰাৰ ক্ষেত্ৰত নিৰাপত্তাজনিত ত্ৰুটিৰ বাবে উত্তৰ দিব লাগিব। টেলিভিছনযোগে দিয়া ভাষণত তেওঁ কয় যে নিৰাপত্তাৰক্ষীৰ ভুলৰ তদন্ত কৰা হ’ব আৰু দায়ী সকলোকে জবাবদিহি কৰা হ’ব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী হিচাপে দেশৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দায়িত্ব তেওঁৰ।
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ
