ৱাশ্বিংটন, ১৮ আগষ্ট (হি.স.)। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে আজি হোৱাইট হাউছত ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পক সাক্ষাৎ কৰিব। তেওঁৰ লগত থাকিব ইউৰোপীয় সংঘৰ নেতাসকলো। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ট্ৰাম্পৰ বৈঠকৰ কিছুদিন পিছতে এই বৈঠক অনুষ্ঠিত হৈছে। শান্তি পৰিকল্পনাত পুটিনে এটা প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ অধীনত ইউক্ৰেইনে নিজৰ ভূখণ্ডৰ এক বৃহৎ অংশ এৰি দিব লাগিব।
দ্য নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মাৰ্জ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে জেলেনস্কিৰ সৈতে সংহতি প্ৰদৰ্শন কৰিব। শুকুৰবাৰে আলাস্কাত পুটিন আৰু ট্ৰাম্পৰ বৈঠক অনুষ্ঠিত হয়। যুদ্ধৰ অন্ত পেলোৱাৰ বাবে ৰাছিয়াৰ প্ৰস্তাৱ ইউক্ৰেইনে হয়তো মানি লোৱা নাই। ৰাছিয়াই কয় যে ইউক্ৰেইনে ডনবাছ এৰিব লাগিব।
ইফালে, দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দূত ষ্টিভ উইটকফে কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ ভি পুটিনে আলাস্কাত কিছু ৰেহাইৰ দিশত আগবাঢ়িছে। একে সময়তে বৈদেশিক সচিব মাৰ্কো ৰুবিঅ’ই সকীয়াই দিয়ে যে ৰাছিয়া আৰু ইউক্ৰেইন দুয়োখনেই ৰেহাই দিব লাগিব। ইয়াৰ অবিহনে হয়তো অদূৰ ভৱিষ্যতে শান্তি সম্ভৱ নহ’ব। ইউৰোপীয় নেতাসকলে দেওবাৰে কয় যে তেওঁলোকে সোমবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱাইট হাউছত ৰাষ্ট্ৰপতি ট্ৰাম্পক সাক্ষাৎ কৰি ৰাছিয়াৰ বিৰুদ্ধে এক ঐক্যবদ্ধ ফ্ৰণ্ট গঢ়ি তোলাৰ চেষ্টা কৰিব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
