টেল আভিভ, ২২ আগষ্ট (হি.স.)। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৱে বৃহস্পতিবাৰে ঘোষণা কৰে যে তেওঁৰ চৰকাৰে গাজাত দুবছৰীয়া যুদ্ধৰ অন্ত পেলোৱাৰ বাবে আৰু সকলো পণবন্দীক মুকলি কৰি দিবলৈ শীঘ্ৰে আলোচনা আৰম্ভ কৰিব, যদিহে এই চুক্তি ইজৰাইলৰ বাবে গ্ৰহণযোগ্য হয়।
গাজাত নিয়োজিত সৈনিকসকলৰ সৈতে হোৱা কথা-বতৰাত নেতান্য়াহুৱে কয় যে, মই নিৰ্দেশনা দিছো যে পণবন্দীসকলক মুকলি কৰি যুদ্ধৰ অন্ত পেলাবলৈ তাৎক্ষণিক আলোচনা আৰম্ভ কৰক। আমি এতিয়া সিদ্ধান্ত গ্ৰহণৰ পৰ্যায়ত আছো। ইয়াৰ সময়ত তেওঁ এইটোও স্পষ্ট কৰি দিয়ে যে সেনাই গাজা চহৰ দখল কৰি হামাছক পৰাস্ত কৰাৰ পৰিকল্পনাৰে আগবাঢ়িছে।
ইফালে ইজৰাইলৰ সেনাই ৬০ হাজাৰ সংৰক্ষিত সৈনিকক আহ্বান জনোৱাৰ নিৰ্দেশ দি চৰকাৰে সামৰিক হেঁচা অক্ষুণ্ণ ৰাখি কূটনৈতিক প্ৰচেষ্টা অব্যাহত ৰখাৰ ইংগিত দিয়ে।
ইয়াৰ পূৰ্বে মধ্যস্থতাকাৰী দেশসমূহে অস্থায়ী যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়াইছিল, যিটো হামাছে মানি লৈছে। এই প্ৰস্তাৱত ৬০ দিনৰ যুদ্ধবিৰতি, ইজৰাইলে দীৰ্ঘদিন ধৰি ৰখা প্ৰায় ২০০ জন পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়াৰ বিনিময়ত ১০ জন জীৱিত পণবন্দী আৰু ১৮ টা মৃতদেহ মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰিছে।
অৱশ্যে ইজৰাইলে কয় যে গাজাত পণবন্দী ৫০ জন লোকক একেলগে মুকলি কৰি দিব লাগে। ইজৰাইলৰ বিষয়াসকলে অনুমান কৰিছে যে এই পণবন্দীসকলৰ প্ৰায় ২০ জন জীয়াই আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
