• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ফিলিপাইনছত কালধুমুহা কালমেঘিৰ ফলত ভয়াৱহ বানপানীত ১১৪ জন লোকৰ মৃত্যু, ‘বিপৰ্যয়ৰ অৱস্থা’ ঘোষণা
International

ফিলিপাইনছত কালধুমুহা কালমেঘিৰ ফলত ভয়াৱহ বানপানীত ১১৪ জন লোকৰ মৃত্যু, ‘বিপৰ্যয়ৰ অৱস্থা’ ঘোষণা

CliQ INDIA
Last updated: November 7, 2025 7:10 am
CliQ INDIA
Share
4 Min Read
SHARE
'कालमेघी' तूफान

মেনিলা, ০৬ নৱেম্বৰ (হি.স.)। ফিলিপাইনছত কালধুমুহা কালমেঘিৰ ফলত হোৱা ব্যাপক ক্ষতিৰ পিছতে ঘোষণা কৰা হৈছে দুৰ্যোগৰ অৱস্থা।

চলিত বৰ্ষত দেশত আঘাত কৰা অন্যতম প্ৰচণ্ড ধুমুহা কালমেঘীত দেশত কমেও ১১৪ জন লোকৰ মৃত্যু হৈছে। এই ধুমুহাই অঞ্চলটোৰ আটাইতকৈ জনবহুল দ্বীপ চেবুৰ কেইবাখনো চহৰ ডুব যায় আৰু ৭১ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। বিষয়াসকলৰ মতে, ১২৭ জন লোক নিৰুদ্দেশ হোৱাৰ বিপৰীতে ৮২ জন আহত হৈছে।

ইফালে, বৃহস্পতিবাৰে পুৱা ফিলিপাইনছৰ পৰা আঁতৰি গৈ মধ্য ভিয়েটনামৰ দিশে আগবাঢ়িছে কালমেঘিয়ে, য’ত এতিয়াও বাসিন্দাসকলে বানপানীৰ সৈতে যুঁজি আছে।

ইফালে দেশৰ পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰে দুৰ্যোগৰ অৱস্থা ঘোষণা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াত সাংবাদিকৰ আগত কয় যে ধুমুহাৰ ফলত হোৱা ক্ষতি আৰু সপ্তাহৰ শেষৰ ফালে দেশত আঘাত হানিব পৰা আন এক ধুমুহা উৱানৰ সম্ভাৱনাৰ বাবেই তেওঁ এই সিদ্ধান্ত লৈছে।

তেওঁ স্থানীয় সংবাদ মাধ্যমক কয়, দেশৰ মুঠ দহটা অঞ্চল বা প্ৰায় দহৰ পৰা বাৰটা অঞ্চল ক্ষতিগ্ৰস্ত হৈছে। গতিকে, ইমানবোৰ অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ বাবে এইটো এটা ৰাষ্ট্ৰীয় দুৰ্যোগ।

দেশত দুৰ্যোগৰ অৱস্থা হ’ল ব্যাপকভাৱে প্ৰাণ হেৰুৱা, সা-সম্পত্তিৰ ব্যাপক ক্ষতি, ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকৰ জীৱিকা আৰু স্বাভাৱিক জীৱনত ব্যাঘাত জন্মা পৰিস্থিতি।

ইয়াৰ দ্বাৰা চৰকাৰী সংস্থাসমূহক জৰুৰীকালীন পুঁজি লাভ কৰাৰ ক্ষমতা প্ৰদান কৰা হয় আৰু আৰ্তজনক অত্যাৱশ্যকীয় সামগ্ৰী আৰু অন্যান্য সেৱাসমূহ ক্ৰয় আৰু বিতৰণ ক্ষিপ্ৰতাৰে কৰা হয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চেবু প্ৰাদেশিক কৰ্তৃপক্ষই এই অঞ্চলত আৰু ২৮ জন লোকৰ মৃত্যুৰ বাতৰি দিছে, যিবোৰ ৰাষ্ট্ৰীয় নাগৰিক প্ৰতিৰক্ষা কাৰ্যালয়ে প্ৰকাশ কৰা পৰিসংখ্যাত অন্তৰ্ভুক্ত কৰা হোৱা নাই।

খবৰ অনুসৰি দেশত অধিকাংশ লোকৰ মৃত্যু হৈছে বানপানীৰ পানীত উটি যোৱাৰ ফলত। ধুমুহাৰ বোকাময় পানীয়ে পাহাৰৰ পৰা তলৰ চহৰ-নগৰত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল।

চেবুৰ আৱাসিক অঞ্চলসমূহৰ ব্যাপক ক্ষতিসাধন হয়, বহু অট্টালিকা আৰু বাহন বুৰাই পেলোৱাৰ বিপৰীতে পিছুৱাই যোৱা বানপানীৰ পানীয়ে বোকাৰ ডাঠ তৰপ এৰি থৈ যায়।

স্থানীয় বিষয়াসকলে ধুমুহাৰ ধ্বংসলীলাক “অভূতপূৰ্ব” বুলি অভিহিত কৰে। ইফালে, মাণ্ডাউ চহৰৰ আৱাসিক অঞ্চলসমূহ ডুব গৈ থাকিল যদিও এতিয়া বৰষুণ বন্ধ হৈ গৈছে।

নেশ্যনেল ডিজাষ্টাৰ এজেন্সীৰ তথ্য অনুসৰি ২৫ লাখ জনসংখ্যাৰ চেবু চহৰত এই দুৰ্যোগৰ ফলত ৪ লাখতকৈ অধিক লোক গৃহহীন হৈছে।

চৰকাৰী তথ্য অনুসৰি মঙলবাৰে সাহায্য অভিযানত সহায় কৰিবলৈ নিয়োজিত হোৱাৰ পিছত চেবুৰ দক্ষিণে থকা মিণ্ডানাও দ্বীপত দুৰ্ঘটনাগ্ৰস্ত হোৱা সামৰিক হেলিকপ্টাৰখনৰ ছয়জন ক্ৰু মৃতকৰ ভিতৰত আছে।

সংস্থাটোৰ মতে, এইটোৱেই হৈছে এতিয়ালৈকে হোৱা আটাইতকৈ ভয়াৱহ বানপানী, যাৰ ফলত চেবুৰ প্ৰায় সকলো নদী উফন্দি উঠে।

স্থানীয়ভাৱে টিনো নামেৰে জনাজাত আমফান কালমেঘী হৈছে এই বছৰ ফিলিপাইনছত আঘাত কৰা বিশতম গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ।

সংস্থাটোৰ মতে, বুধবাৰৰ পৰা বৃহস্পতিবাৰৰ ভিতৰত স্থানীয় সময় অনুসৰি পুৱা ১২:৩০ বজাত কালমেঘীয়ে দেশৰ সীমান্ত অতিক্ৰম কৰে।

পূৰ্বাভাস অনুসৰি শুকুৰবাৰে পুৱা মধ্য ভিয়েটনামত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে তাত ৫০খনতকৈও অধিক বিমান বাতিল বা পুনৰ নিৰ্ধাৰণ কৰা হৈছে। বৰ্তমান ভিয়েটনামে বানপানী আৰু অভিলেখ সৃষ্টিকাৰী বৰষুণৰ সৈতে যুঁজি আছে, যাৰ ফলত নদীৰ পাৰ ফাটি গৈছে আৰু দেশখনৰ কিছুমান জনপ্ৰিয় পৰ্যটনস্থলী বুৰাই পেলাইছে।

থাইলেণ্ডেও ধুমুহাৰ বাবে সাজু হৈছে। স্থানীয় কৰ্তৃপক্ষই কালমেঘিৰ বাবে বানপানী, ভূমিস্খলন, নদীৰ পানী ওফন্দি উঠাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

তিনিদিনীয়া ব্ৰিটেইন ভ্ৰমণত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প
কাঠমাণ্ডুত অনলাইন জুৱা চলোৱাৰ অপৰাধত দুজন ভাৰতীয়কে ধৰি ৫৩ জন গ্ৰেপ্তাৰ | BulletsIn
সুশিলা কাৰ্কিক নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী কৰাৰ ক্ষেত্ৰত একমত, সংসদ ভংগ সন্দৰ্ভত মতানৈক্য, আজি পুনৰ বৈঠক
জাপানৰ ৮৬.৬ শতাংশ লোক কঠোৰ ৰাজনৈতিক ধন নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ পক্ষপাতী
ট্ৰাম্পে ইৰানৰ শান্তি প্ৰস্তাৱক প্ৰত্যাখ্যান কৰে, বৃদ্ধি পাব ধৰা উত্তেজনাৰ মাজত পারমাণবিক হুমকিৰ বিৰুদ্ধে সতর্ক কৰে

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article এছিয়া কাপৰ তৃতীয় পৰ্যায়ৰ বাবে এবল-বডি জুনিয়ৰ দলত নিৰ্বাচিত পেৰা আৰ্চাৰ শীতল দেৱী
Next Article খৰ্গে আৰু প্ৰিয়ংকা গান্ধীৰ বিহাৰৰ ভোটাৰক বৃহৎ সংখ্যক ভোটদানৰ আহ্বান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?