কুৱেটা, ০৮ অক্টোবৰ (হি.স.)। বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্টে (বিএলএফে) তীব্ৰ যুদ্ধৰ অন্তত বেলুচিস্তান প্ৰদেশৰ বালগটাৰৰ সমীপৰ চীন-পাকিস্তান ইকনমিক কৰিডৰ (চিপিইচি)ৰ সমীপত স্থাপন কৰা পাকিস্তানী সামৰিক শিবিৰ দখল কৰে। মঙলবাৰে সন্ধিয়া ফ্ৰণ্টে শিবিৰটোত আক্ৰমণ কৰে। বিএলএফে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি ফ্ৰন্টিয়াৰ কৰ্পছৰ তিনিজন বিষয়া নিহত কৰে।
মঙলবাৰে দ্য বেলুচিস্তান পোষ্টে (পাষ্টো ভাষা) প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি বিএলএফৰ মুখপাত্ৰ মেজৰ ঘোৰাম বেলুচে কয় যে ৬ বজাতবালগতাৰৰ সমীপত চিপিইচিৰ নিৰাপত্তা নিৰীক্ষণৰ বাবে স্থাপন কৰা পাকিস্তানী সেনাৰ শিবিৰ ঘেৰাও কৰি তীব্ৰ গুলীচালনাৰ সন্মুখীন হয়। তিনি ঘণ্টীয়া যুদ্ধৰ অন্তত যোদ্ধাসকলে শিবিৰটো সম্পূৰ্ণৰূপে দখল কৰে। শীঘ্ৰে বিতং বিবৃতি প্ৰকাশ কৰা হ’ব বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে।
ইফালে কেচ আৰু পাঞ্জগুৰ জিলাৰ মাজৰ বালগতাৰ অঞ্চলত অচিনাক্ত সশস্ত্ৰ লোকে ফ্ৰন্টিয়াৰ কৰ্পছৰ চেকপোষ্টত আক্ৰমণ চলায়।
এই আক্ৰমণত তিনিজন বিষয়া নিহত হোৱাৰ লগতে চাৰিজন আহত হোৱাৰ কথা নিশ্চিত কৰিছে বিষয়াসকলে। চৰকাৰী সূত্ৰ অনুসৰি মঙলবাৰে সন্ধিয়া সংঘটিত হয় এই আক্ৰমণ। এই আক্ৰমণত আধুনিক স্বয়ংক্ৰিয় অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল। এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।
লগতে মঙলবাৰে পুৱা বেলুচিস্তানৰ মাষ্টুং জিলাৰ এটা বেংকত অস্ত্ৰধাৰী লোকে আক্ৰমণ কৰি ১৫ লাখ টকাৰো অধিক ধন লুটপাত কৰে।
আৰক্ষী বিষয়াৰ মতে, ছয়ৰ পৰা আঠজন অস্ত্ৰধাৰী লোকে এলাইড বেংকৰ শাখাত প্ৰৱেশ কৰি কৰ্মচাৰীক পণবন্দী কৰি নগদ ধন লৈ পলায়ন কৰে। প্ৰাথমিক হিচাপ অনুসৰি এই লুটপাতৰ পৰিমাণ প্ৰায় ১৫.৬ লাখ টকা।
দ্য বেলুচিস্তান পোষ্টৰ আন এক বাতৰি অনুসৰি খুজদাৰ জিলাৰ তহচিল ঝাৰীত পাকিস্তানী সেনাই অবিৰতভাৱে অত্যাচাৰ চলাই আহিছে। দুসপ্তাহ ধৰি মানুহে আতংকত জীৱন কটাবলগীয়া হৈছে। ইণ্টাৰনেট, মোবাইল, আৰু অন্যান্য যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আভ্যন্তৰীণ আৰু বাহ্যিক পথসমূহ ছীল কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
